অসম

সৰ্বানন্দৰ ফটোৱে নিবনুৱাৰ পেট নভৰাই :তৰুণ গগৈ

 

গুৱাহাটী:৩অক্টোবৰ:প্ৰধানমন্ত্ৰী মোদীয়ে মেক ইন ইণ্ডিয়াৰ কথা কয় ।এতিয়া মেক ইন ইণ্ডিয়া হৈ থকা নাই, এইখন এতিয়া ধ্বংসৰ ভাৰতবৰ্ষ ।এই মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ। মহানগৰীত এক সংবাদ মেল সম্বোধন কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰি কয় যে ,চৰকাৰে ১৫ বছৰৰ অৰ্থনীতিৰ বিশ্লেষণ কৰক, ইমান বেয়া অৱস্থা কেতিয়াও হোৱা নাছিল। এয়া আমি কোৱা কথা নহয়, বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকৰ সদস্যই কৈছে। আজি কৃষক-শ্ৰমিকৰ অৱস্থা খুবেই বেয়া, দেশত বৃদ্ধি পাইছে নিবনুৱা সমস্যা, চাকৰি গৈহে আছে, নতুন চাকৰি নাই।’ পুনৰাই প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে চৰকাৰখন এতিয়া ফটোত হে চলি আছে। সৰ্বানন্দৰ ফটোৱে নিবনুৱাৰ পেট নভৰায়, আশা কৰ্মীক সকাহ নিদিয়ে । সৰ্বসাধাৰণক এতিয়া বিমুদ্ৰাকৰণৰ ভূত আৰু জি এছ টি ৰ দানৱে খেদি ফুৰিছে। পুনৰাই তেওঁ কয় যে ,মুখেৰে স্বচ্ছতাৰ কথা ক’লেই নহ’ব, মনটোও স্বচ্ছ হ’ব লাগিব, মন স্বচ্ছ নহয় বাবে প্ৰাক্তন সেনা বিষয়ালৈ বিদেশীৰ নটিচ পঠিয়াইছে।ইফালে প্ৰাক্তন সেনা বিষয়া আজমল হকক নটিচ দিয়া আৰক্ষী বিষয়া গৰাকীক নিলম্বন কৰিবলৈ দাবী জনায় প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে। অসমত এতিয়া সংখ্যালঘুৰ মাজত আতংকৰ পৰিৱেশ বিৰাজ কৰা বুলি উল্লেখ কৰি গগৈয়ে কয় যে মুছলমান হোৱা বাবেই এনেদৰে আজমল হকলৈ প্ৰেৰণ কৰা হৈছে বিদেশীৰ নটিচ।

comments

Show More

Related Articles

Close