অসম

ৰাজ্যজুৰি পালন কৰা হল গুৰুজনাৰ ৫৬৯সংখ্যক আর্ৱিভাব তিথি

গুৱাহাটী:৩০ছেপ্টেম্বৰ:
শ্ৰীমন্ত শঙ্কৰ হৰি ভকতৰ
জানা যেন কল্পতৰু
তহান্ত বিনাই নাহি নাহি
আমাৰ পৰম গুৰু ।
ৰাজ্যজুৰি আজি অতি উলহ মালহৰে অসমীয়া জাতিৰ জনক মহাপুৰুষ শ্ৰী মন্ত শংকৰ দেৱ ৰ ৫৬৯সংখ্যক আৱিৰ্ভাৱ তিথি পালন কৰা হয়। মহাপুৰুষ জনাৰ জন্মস্থান বটদ্ৰৱা থান ,সত্ৰনগৰী মাজুলী, বৰপেটা সত্ৰ, ঢেকীয়াখোৱা নামঘৰ , জাগীৰোড,মৰিগাঁও,নলবাৰী, যোৰহাট,তেজপুৰ আদি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সত্ৰ নামঘৰ আদি মুখৰ হৈ পৰে গুৰুজনাৰ হৰিনাম ধ্বনিৰ লগতে দবা , নাগাৰা ,বৰ তালৰ ধ্বনিৰে।গুৱাহাটী মগনগৰীৰো ভিন্ন স্থানত পালন কৰা হয় গুৰুজনাৰ আর্ৱিভাব তিথি।কোনো স্থানত দুদিনীয়াকৈ পালন কৰা হৈছে মহাপুৰুষ জনাৰ আর্ৱিভাব তিথি। তাৰোপৰি গুৰুজনাৰ আর্ৱিভাব তিথিৰ উপলক্ষে বৰ্ণিল শোভাযাত্ৰা, নাম প্ৰসঙ্গ ,ভাওনাৰ আয়োজন কৰা হৈছে।

comments

Show More

Related Articles

Close