অসম

লুইচ বাৰ্জাৰ কেলেংকাৰীৰ গোচৰ ৰুজু কৰিল CBIয়ে

মণিকূট পাঠক হত্যাকাণ্ড-জি এম ডি এৰ ফাইল চুৰি গোচৰো তদন্তৰ আওতালৈ অনাৰ আহ্বান স্বৰাজ অসমৰ

 

গুৱাহাটী,৩০চেপ্তেম্বৰ:অৱশেষত স্বৰাজ অসম আৰু দুই সহযোগী সংগঠনে দাখিল কৰা ৰাজহুৱা স্বাৰ্থ জড়িত আবেদনখনৰ ওপৰত মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাৰ ভিত্তিত চিবিআইৰ দুৰ্নীতি নিবাৰক শাখাই যোৱা 27 ছেপ্তেম্বৰত হাইপ্ৰফাইল লুইচ বাৰ্জাৰ কেলেংকাৰীৰ গোচৰ আনুষ্ঠানিকভাৱে ৰুজু কৰিলে।চিবিআইৰ নিউ দিল্লীস্হিত CBI/AC-1থানাত IPC 120-B,406,420 আৰু 13 (2)r/w13(1)(d) PC Act,1988 অধীনত দাখিল কৰা গোচৰটোৰ নম্বৰ হ’ল RC AC1 2017 A 006।ভাৰতীয় দণ্ডবিধিৰ এই ধাৰাৰ উপৰিও Criminal conspiracy,criminal beach of trust,cheating and criminal misconductত তদন্ত চলিব লগা এই গোচৰটোত Unknown officials & Public Sercent of GMDA,Unknown officials of Louis Berger Company,Unknown Assam Govt. functionaries আৰু Other Unknown Public/Private Persons অভিযুক্ত হিচাপে উল্লেখ কৰিছে।ফলত এই তদন্তৰ আওতালৈ যে প্ৰভাৱশালী ৰাজনৈতিক নেতা,আমোলা আহিব, চিবিআইৰ FIRখনে ইয়াৰ নিশ্চিত ইংগিত বহন কৰিছে। বহু প্ৰভাৱশালী ৰাজনৈতিক নেতা-আমোলাৰ নাম সাঙুৰ খাই থকা এই কেলেংকাৰীয়ে বিৰুদ্ধে বিগত দুটা বছৰে যুঁজ দি অহা স্বৰাজ অসমৰ আহ্বায়ক ভবেন সন্দিকৈয়ে চি আইয়ে কম দিনৰ ভিতৰত তৎপৰতাৰে গোচৰটো ৰুজু কৰা কাৰ্যক আদৰণি জনাই কয় যে তদন্তকাৰী সংস্থাটোৱে ৰাজনৈতিক প্ৰভাৱৰ পৰা মুক্ত হৈ তদন্ত আগবঢ়ালে নিশ্চিতভাৱে বহু ৰৌ-বৰালী জালত পৰিব।কিন্তু কেন্দ্ৰীয় তদন্তকাৰী সংস্হাটোৱে তদন্ত প্ৰক্ৰিয়া ৰাজনৈতিক প্ৰভাৱমুক্ত হৈ কৰিবলৈ কেলেংকাৰীটোত সততে অভিযোগৰ আঙুলি উঠি অহা প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পদত্যাগ কৰাতো জৰুৰী যদিও নৈতিকতাৰ কথা কৈ তেখেতৰ পদত্যাগ দাবী কৰাতো পৰ্বতত কাছ কণী বিচৰাৰ দৰে হব।সেয়ে দুৰ্নীতিৰ ক্ষেত্ৰত সকলো সময়তে শূন্য সহনশীলতাৰ বচন আওৰোৱা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে তেখেতক পদত্যাগৰ নিৰ্দেশ দি দুৰ্নীতিৰ ক্ষেত্ৰত চৰকাৰখনৰ স্হিতি জনগণৰ ওচৰত স্পষ্ট কৰিবলৈ আহ্বান জনাই।তাকে নকৰি দুজনমান কেৰাণী-মহৰি,পুলিচ কনিষ্টবল-বিষয়া,আমোলাক গ্ৰেপ্তাৰ কৰাকেই দুৰ্নীতিৰ ক্ষেত্ৰত শূণ্য সহনশীলতাৰ নীতি অবলম্বন কৰাৰ বুলি নুবুজাই বুলি মুখ্যমন্ত্ৰীক কটাক্ষ কৰে। ইফালে লুইচ বাৰ্জাৰ কোম্পানীৰ চুক্তি পত্ৰৰ সৈতে জড়িত জি এম ডি এৰ ফাইল চুৰি ঘটনাটো চিবিআইৰ তদন্তৰ আনিবলৈ দাবী জনাই সন্দিকৈয়ে কয় যে 2011তে সংঘটিত এই গোচৰটোৰ তদন্ত সঠিকভাবে আগনাবাঢ়িলে।সেই সময়ৰ GMDA ৰ মুখ্য কাৰ্য্যবাহী বিষয়া প্ৰীতম শইকীয়াই ভঙাগড় থানাত দাখিল 89/2011 নম্বৰৰ গোচৰৰ তদন্তৰ অন্তত 2014 ত পুলিচে দাখিল কৰা প্ৰতিবেদনত হেৰুওৱা ফাইল সৰ্ম্পকত কোনো ক্লু নোপোৱাৰ কথা উল্লেখ কৰে।পৰবৰ্তী সময়ত এই গোচৰ চি আই ডিয়ে লয় যদিও তদন্তৰ নামত ভেকো-ভাওনাহে কৰিলে।একেদৰেই এ চি এচ বিষয়া মণিকূট পাঠকৰ চাঞ্চ্যলকৰ হত্যাকাণ্ডৰ তদন্তও লুইচ বাৰ্জাৰ কেলেংকাৰীৰ তদন্তৰ আওতালৈ আনিবলৈ দাবী জনাই সন্দিকৈয়ে কয় যে ইমান শীৰ্ষ বিষয়া এজনৰ মৃত্যুৰ তদন্তৰ ক্ষেত্ৰত অসম আৰক্ষীৰ ভূমিকা নিন্দনীয়,সন্দেহজনক।তাতকৈ ডাঙৰ কথা হল মূল অভিযুক্ত বুলি গ্ৰেপ্তাৰ হোৱা পূৰ্ণিমা গোৱালা আৰু বিক্ৰম চুব্বা আৰক্ষীৰ জিম্মাৰ পৰা পেলাই যাবলৈ সক্ষম হোৱা আৰু আজিলৈকে গ্ৰেপ্তাৰ নোহোৱা ঘটনাৰ আঁৰত গভীৰ ষড়যন্ত্ৰ লুকাই আছে,ই নিশ্চিত।প্ৰসংগত উল্লেখ্য যে লুইচ বাৰ্জাৰ কোম্পানীৰ সৈতে চুক্তি স্বাক্ষৰ কৰা এই বিষয়াজনৰ হত্যাকাণ্ডৰ তদন্তও চি আই ডিয়ে কৰি আছে।অসম আৰক্ষীৰ তদন্তকাৰী সংস্হাটোৰ এই তদন্ত প্ৰক্ৰিয়াত অনাস্থা প্ৰকাশ কৰি প্ৰয়াত বিষয়াজনৰ পিতৃ বিশিষ্ট শিক্ষাবিদ ড°ৰমেশ পাঠক ডাঙৰীয়াই এই ৰহস্যজনক হত্যাকাণ্ডটোৰ চি বি আইৰ তদন্ত বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত এক আবেদন কৰিছে।এনে অবস্থাৰ পৰিপ্ৰেক্ষিতত এই সকলো দিশ সমৰি তদন্তটো আগবঢ়াবলৈ চি বি আইক সন্দিকৈয়ে আহ্বান জনায়।

comments

Show More

Related Articles

Close