অসম

চৰকাৰে ষড়যন্ত্ৰ মূলক ভাবে দুৰ্বল কৰি পেলাইছে বিদেশী ন্যায়াধীকৰণ ব্যৱস্থা: হিন্দু যুৱ ছাত্ৰ

 
গুৱাহাটী:২৫ছেপ্টেম্বৰ:পৰিবৰ্তনৰ শ্লোগানেৰে দিছপুৰত শাসনৰ গাদী দখল কৰা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি মিত্ৰজোঁটৰ চৰকাৰ খনে বিদেশী ন্যায়াধীকৰণ ব্যৱস্থাটো পূৰ্বতকৈ বহু দুৰ্বল কৰাৰ অভিযোগ উত্থাপন কৰিছে হিন্দু যুৱ ছাত্ৰ পৰিষদে।আজি গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত এক সংবাদমেলত এই গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰি হিন্দু যুৱ ছাত্ৰ পৰিষদৰ সভাপতি বলেন বৈশ্যই কয় যে , ইমান দিনে এই ন্যায়াধীকৰণ সমূহত এচাম অসম প্ৰেমী ,জাতীয়তাবাদী খিলঞ্জীয়া অসমীয়া অধিবক্তা চৰকাৰী অধিবক্তা হিচাপে নিযুক্ত হৈ আছিল। যাৰ ফলশ্ৰুতিত বিভিন্ন সীমাবদ্ধতাৰ মাজতো ন্যায়াধীকৰণ সমূহে কিছু কাম কৰিবলৈ সক্ষম হৈছিল।কিন্তু সমতাত অধিষ্ঠিত হৈ চৰকাৰ খনে অসমীয়া দক্ষ আৰু অভিজ্ঞতা সম্পন্ন অধিবক্তা সকলক আঁতৰাই গৰিষ্ঠ সংখ্যাতে অদক্ষ আৰু অনাভিজ্ঞ হিন্দু বাঙালী অধিবক্তাক নিযুক্তি দিছে। সেই হিন্দু বাঙালী অধিবক্তা সকলে এতিয়া বিদেশী চিনাক্তকৰণত কৈ হিন্দু বাংলাদেশী সকলক ভাৰতীয় সঁজুৱাতহে অধিক আগ্ৰহী।যাৰ বাবে বৰ্তমান সময়ত বিদেশী ন্যায়ধিকৰণ ব্যৱস্থাটোৱেই বিদেশীক ৰক্ষণাবেক্ষণ দিয়াৰ এক দিশ প্ৰকট হৈ উঠিছে। উক্ত বিষয়ৰ সন্দৰ্ভত অসম বিধান সভাত এক বিল পাছ কৰি বিদেশী চিনাক্তকৰণ আৰু বহিষ্কৰণৰ বাবে ন্যায়াধীকৰণৰ এখন নিৰীক্ষণ কমিটি গঠন কৰি সম্পূৰ্ণ ক্ষমতা প্ৰদানেৰে বাংলাদেশী যাতে কোনোপধ্যে সাৰি যাব নোৱাৰে তাৰ বাবেও চৰকাৰক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় হিন্দু যুৱ ছাত্ৰ পৰিষদে।

comments

Show More

Related Articles

Close