গুৱাহাটী

দুৰ্গামহোৎৱৰ বাবে মহানগৰ যান বাহন আৰক্ষীৰ নতুন নিয়ম

 
গুৱাহাটী:২৫ছেপ্টেম্বৰ: দুৰ্গামহোৎৱৰ লগত সংগতি ৰাখি মহানগৰ আৰক্ষীৰ যান-বাহন শাখাই নতুন নিয়ম লাগু কৰিছে। গুৱাহাটীত দিনত গধুৰ যান-বাহনৰ বাবে NO ENTRY কৰা লগতেএই গধুৰ বাহনসমূহ পুৱা ৪ৰ পৰা ৭ বজালৈহে প্ৰৱেশ কৰিব পাৰিব । চাৰিচকীয়া বাণিজ্যিক বাহন দুপৰীয়া ২ বজাৰ পূৰ্বে প্ৰৱেশ কৰিব পাৰিব। ৩-৪ চকীয়া মালবাহী বাহনসমূহ দুপৰীয়া ২ বজাৰ পৰা চলাচলত নিষেধাজ্ঞা কৰা হৈছে। চিটীবাছৰ বাবেও যান-বাহন আৰক্ষীয়ে নতুন নিয়মৰ ব্যৱস্থা কৰিছে। গণেশগুৰি, ভৰলুমুখ, বেলতলা আৰু মালিগাঁৱত চিটীবাছৰ পথ সলনি কৰা হৈছে। বেলতলা-বশিষ্ঠ সংযোগী পথত আৰু মালিগাঁও-পাণ্ডু পথ NO ENTRY কৰাৰ লগতে মালিগাঁৱৰ পৰা আদাবাৰী তিনিআলি হৈ যাব পাৰিব পাণ্ডুলৈ। গণেশগুৰিৰ গণেশ মন্দিৰ পথৰ বিপৰীতে ছুপাৰ মাৰ্কেট-লাষ্টগে’ট হৈ যাব লাগিব চিটী বাছ সমূহ। ভিৰ হোৱা পূজাস্থলীসমূহত যান বাহন no entry কৰা হৈছে।মণ্ডপৰ পৰা ১০০ মিটাৰ দূৰত্বলৈ NO PARKING ৰ ব্যৱস্থা কৰিছে আৰক্ষীয়ে। সুৰাপায়ী চালকৰ বিৰুদ্ধে নিতৌ চলিব অভিযান।বাহিৰৰ পৰা আনিব অতিৰিক্ত যান-বাহন আৰক্ষী।ইয়াৰোপৰি পূজা কমিটিৰ বিষয়ববীয়া সকলকো সহায়ৰ আহ্বান জনায় মহানগৰ যান বাহন আৰক্ষীয়ে।

comments

Show More

Related Articles

Close