অসম

অসমৰ মানুহক মদাহী কৰি ৰেভিনিও সংগ্ৰহ কৰিছে চৰকাৰে :তৰুণ গগৈ

 
গুৱাহাটী:২৫ছেপ্টেম্বৰ: মূল্যবৃদ্ধি নিয়ন্ত্ৰণত ব্যৰ্থ হোৱা বিজেপি চৰকাৰ খনৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ উঠিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। মহানগৰীত আয়োজিত এক সংবাদমেলত প্রাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে ,নিৰ্বাচনৰ আগতে মূল্যবৃদ্ধি ৰোধ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল বিজেপিয়ে ।কিন্তু সমতালৈ আহি একো নকৰিলে।আজি সকলো বস্তুৰ দাম বাঢ়িছে। খাদী ,কটন ,আদি সকলো সমগ্ৰীতে টেক্স লগাই দৰিদ্ৰ জনতাক মাধমাৰ সোধাইছে। ইয়াৰোপৰি বৃদ্ধি পাইছে নিবনুৱাৰ সমস্যা ।মোদীৰ মন কি বাত আমাক নালাগে ।আমাক লাগে কাম কি বাট। আমি মন কি বাতো বিচাৰো কিন্তু তেওঁ তাৰ পিছত কাম কি বাতো কওক। ইফালে পৰিৱৰ্তনকমী বিজেপি চৰকাৰ খনে দেশৰ সকলো সমগ্ৰীতে টেক্স সংযোজিত কৰি ৰেভিনিও সংগ্ৰহ কৰা প্ৰসঙ্গ উল্লেখ কৰি হাস্যকৰ সুৰত প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে ,এটা সময়ত ৰাইনো আছিল ৰাজ্যৰ ৰাজনীতিৰ মূল ইছ্যু।কিন্তু আজি ৰাইনো মদ খুৱাই মানুহক ৰাইনো কৰিব বিচাৰিছে। এতিয়া অসমৰ মানুহক মদাহী কৰি ৰেভিনিও সংগ্ৰহ কৰিব বিচাৰিছে এই চৰকাৰ খনে।

comments

Show More

Related Articles

Close