অসম

হাতৰ টিপতে বিশেষজ্ঞ চিকিৎসকৰ এপইন্টমেন্ট

ৰোগীৰ সহায়ৰ বাবে বিশেষ ম'বাইল এপ BOOK DR মুকলি

 

 

গুৱাহাটী,২৪ ছেপ্টম্বৰ: বিশেষজ্ঞ চিকিৎসকৰ এপইন্টমেন্টৰ বাবে এতিয়াৰে পৰা ৰোগী আৰু ৰোগীৰ অভিভাৱকে হাবাথুৰি খাব নালাগে৷ স্মাৰ্টফোনৰ বুটাম টিপিয়েই আপুনি জানিব পাৰিব বিশেষজ্ঞ চিকিৎসকৰ সবিশেষ, লব পাৰিব এপইন্টমেন্ট৷  ৰোগী আৰু ৰোগীৰ অভিভাৱকে বিশেষজ্ঞ চিকিৎসকৰ সন্ধান আৰু এপইন্টমেন্টৰ ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি কেইগৰাকীমান উদ্যমী যুৱকে এটা মোবাইল এপ প্ৰস্তুত কৰি উলিয়াইছে৷ শণিবাৰে  “Book Dr” নামৰ ম’বাইল এপটো গুৱাহাটী প্ৰেছ ক্লাৱত উন্মোচন কৰা হয়৷ মহেন্দ্ৰ মোহন চৌধুৰী হাস্পটালৰ প্ৰশাসক ডা চিৰন্তন পাৰে এপটো মুকলি কৰে৷ জ্যেষ্ঠ সাংবাদিক মনোৰম গগৈ, চম্পক শইকীয়া, পৰাণ পল্লৱ দত্ত,ডঃ নয়নমনি শইকীয়া,অধিবক্তা অজয় দত্ত প্ৰমুখ্যে কেবাগৰাকী বিশিষ্ট ব্যক্তি উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে৷  এপটো প্ৰস্তুতৰ আঁৰৰ দুই ব্যক্তি ক্ষিৰোদ কুমাৰ শইকীয়া আৰু বিদ্যৎ বিকাশ দাসে জনায় যে অদ্যপি এপটোৰ জড়িয়তে গুৱাহাটীস্থিত বিভিন্ন ৰোগৰ ৩০০ বিশেষজ্ঞ চিকিৎসকৰ সৈতে ৰোগীয়ে পোনপটীয়াকৈ যোগাযোগ স্থাপন কৰিব পাৰিব৷

comments

Show More

Related Articles

Close