উত্তৰ পূৰ্বাঞ্চল

শান্তনু ভৌমিকৰ হত্যাৰ প্ৰতিবাদ নিউজ ৰ

 

গুৱাহাটী:২২ছেপ্টেম্বৰ:ত্ৰিপুৰাৰ যুৱ সাংবাদিক শান্তনু ভৌমিকৰ হত্যাৰ প্ৰতিবাদত নৰ্থ ইষ্ট ইউনিয়ন অব ৱৰ্কিং জাৰ্নেলিষ্টে আজি গুৱাহাটী প্ৰেছ ক্লাৱৰ সন্মুখত ধৰ্ণা দিয়ে।এই ধৰ্ণাত প্ৰতিবাদকাৰী সকলে সাংবাদিক গৰাকীৰ হত্যাৰ প্ৰতিবাদ কৰাৰ লগতে তেওঁৰ পৰিয়ালৰ বাবে যথোপযুক্ত ক্ষতি পূৰণ দিয়াৰ দাবী উত্থাপন কৰে।নৰ্থ ইষ্ট ইউনিয়ন অব ৱৰ্কিং জাৰ্নেলিষ্টৰ সভাপতি জয়কান্ত শৰ্মা ,কাৰ্য্যকৰী সভাপতি নৱ ঠাকুৰীয়া আৰু উপ সভাপতি পুলিন কলিতাৰ নেতৃত্বত দিয়া ধৰ্ণাত সম্পাদক মনোজ কলিতাই কয় যে কৰ্মৰত সাংবাদিকৰ বাবে এখন বিশেষ সুৰক্ষা আইনৰ প্ৰয়োজন দিনে দিনে অধিক প্ৰাসংগিক হৈ পৰিছে। ধৰ্ণাৰ পিছতে গুৱাহাটী প্ৰেছ ক্লাৱত নৰ্থ ইষ্ট ইউনিয়ন অব ৱৰ্কিং জাৰ্নেলিষ্টৰ সভাপতি জয়কান্ত শৰ্মাৰ সভাপতিত্বত এখন প্ৰতিবাদী সভা অনুষ্ঠিত হয়।এই সভাত ত্ৰিপুৰাৰ সাংবাদিক সকলে চলাই থকা আন্দোলনলৈ নৈতিক সমৰ্থন আগবঢ়োৱাৰ লগতে শীঘ্ৰে ত্ৰিপুৰা চৰকাৰক তেওঁলোকৰ দাবী পূৰণৰ আহ্বান জনায়।

comments

Show More
Close