অসম

পলাশৱাৰীত পথ নিৰ্মাণত বিসংগতি

ৰাইজ আৰু ঠিকাদাৰ ৰ মাজত তৰ্ক বিতৰ্ক

দক্ষিণ কামৰূপ:  ২১ছেপ্টেম্বৰ:   পথ নিৰ্মানকলৈ পলাশবাৰীত চলি আছে তাৰ পিছত এটা বিতৰ্ক।বিতৰ্কিত সাঙুৰ খাই পৰিছে বিধায়ক প্ৰণৱ কলিতাৰ অতি ঘনিষ্ঠ লোক।শেহতীয়া ভাবে পলাশৱাৰী সমষ্টিৰ বিধায়ক প্ৰণৱ কলিতাৰ ঘৰৰ নিচেই কাষতে ৰঙামাটিৰ পশ্চিম হুজুৰিপাৰা ৰ এটি পথ নিৰ্মানকলৈ উত্তেজিত হৈ পৰিছে স্থানীয় ৰাইজ।ৰঙামাটিৰ পশ্চিম হুজুৰিপাৰা ৰ এই পথটো স্থানীয় ৰাইজক আগতীয়াকৈ নোজনোৱাকৈ নিৰ্মান কৰাত আজি স্থানীয় ৰাইজে পথটো ৰ নিৰ্মান কাৰ্য্য বন্ধ কৰি দিয়ে।ইয়াকে লৈ ৰাইজ আৰু বিধায়কৰ অতি ঘনিষ্ঠ বহু বিতৰ্কিত ঠিকাদাৰ কামিনি দাসৰ মাজত তৰ্ক হয়।ৰাইজৰ অভিযোগ মতে পথ এটা নিৰ্মান কৰাৰ আগ মুহূৰ্তত পথটোৰ নিৰ্মাণত কিমান টকা অনুমোদন হৈছে বা পথটোৰ দৈঘ্য কিমান এই বিষয়ে ফলক আৰি দিয়াৰ ব্যৱস্থা থাকিব লাগে বা পথটোৰ দুয়ো কাষে ড্ৰেন থাকিব লাগে যদিও হুজুৰিপাৰাৰ এই পথটোৰ ক্ষেত্ৰত কিন্তু এনেকুৱা ধৰণৰ নিয়ম সমূহ পালন কৰা হোৱা নাই।যাৰ বাবে নিৰ্মান কাৰ্য্য ৰ ফলক নিদিয়ালে নিৰ্মান কাৰ্য্য কৰিব দিয়া নহব বুলি ৰাইজে সকীয়াই দিলে বিতৰ্কিত ঠিকাদাৰ কামিনি দাসক।
ৰাজ্যত পৰিবৰ্তনৰ শ্লোগান দি শাসনৰ গাদী দখল কৰিছিল বিজেপিৰ মিত্ৰজটোৰ চৰকাৰ খনে।কিন্তু কৰ্ম ক্ষেত্ৰত সম্পূৰ্ণ ওলোটা ছবিহে দেখা গৈছে পলাশৱাৰী ত।

comments

Show More

Related Articles

Close