অসম

গুৱহাটী মহানগৰ সম্পসাৰণক লৈ প্ৰতিদিনে প্ৰতিবাদ দক্ষিণ কামৰূপত

 

দক্ষিণ কামৰূপ ঃ
গুৱাহাটী মহানগৰ সম্প্ৰসাৰণ সন্দৰ্ভত ইতিমধ্যে বিধান সভত গৃহীত হোৱা আছাম ষ্টেট কেপিটেল ৰিজিঅ’ন অথৰিটী বিধেয়ক খনে মহানগৰীৰ পাৰ্শ্বৱৰ্তী ৰাভা হাছং এলেকা সমুহ জ্বলাই তুলিছে । এই বিধেয়ক খনৰ বিৰুদ্ধে প্ৰতিদীনে গৰজি উঠিছে কেইবাটাও ৰাভা সংগঠন । ইয়াৰে অংশ স্বৰূপে মংগলবাৰে প্ৰতিবাদ মুখৰ হৈ উঠিল দক্ষিণ কামৰূপৰ বৰদুৱাৰ বাগান । লোহাৰঘাট বাগানত কেইবাটাও ৰাভা জাতীয় সংগঠনে ৰাজপথত পাচ হেজাৰ প্ৰতিবাদকাৰী সমদলেৰে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লো গান দি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । ‘মূখ্য মন্ত্ৰী হুচিয়াৰ , হিমন্ত বিশ্ব শৰ্মা মূৰ্দাবাদ , জিএমডিএ মুৰ্দাবাদ , আৰছু জিন্দাবাদ ‘ আদি ধ্বনিৰে পৰিবেশ উত্তাল কৰি তোলে । এই প্ৰতিবাদী সমদলত ভাগ লয় লোহাৰঘাট আঞ্চলিক ৰাভা ছাত্ৰ সন্থা , লোহাৰঘাট অঞ্চলিক ষষ্ঠ অনুসুচীত দাবী সমিতি , লোহাৰঘাট অঞ্চলিক ৰাভা মহিলা পৰিষদ আদি কে ধৰি কেইবাটাও ৰাভা সংগঠনে এই সমদলত ভাগ লৈ উক্ত বিধেয়ক খনৰ তীব্ৰ বিৰোধিতা কৰে । মহানগৰীৰ পাৰ্শ্বৱৰ্তী এই জনজাতীয় অঞ্চলসমুহক যদি জিএমডিএ ৰ সম্প্ৰসাৰণ তালিকাৰ পৰা অতি শীঘ্ৰে বাতিল নকৰে তেতিয়া হলে এই অঞ্চলসমুহত তীব্ৰ গনতান্ত্ৰিক অন্দোলনৰ কাৰ্যসূচী হাতত লৱ বুলি ৰাভা সংগঠন কেইটাই উল্লেখ কৰে ।

comments

Show More

Related Articles

Close