ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

মুম্বাই আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ ডন ডাউদ ইব্ৰাহিমৰ ভাতৃ ইকবাল কাচকাৰ

মুম্বাই:১৯ছেপ্টেম্বৰ:আণ্ডাৰৱৰ্ল্ড ডন মষ্ট ৱাণ্টেড ডাউদ ইব্ৰাহিমৰ ভাতৃ ইকবাল কাচকাৰক আজি মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । এক বিশেষ সূত্ৰৰ পম সেদি মুম্বাইৰ থানে আৰক্ষীৰ অপৰাধ শাখাই ইকবালৰ ভেণ্ডী বজাৰ স্থিত বাসগৃহত অভিযান চলাই ইকবালক আটক কৰে ।উল্লেখযোগ্য যে কাইবাগৰাকী ব্যৱসায়ীক ধনদাবী কৰিছিল ইকবালে ।ভুক্ত ভুগি ব্যৱসায় সকলে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰাৰ পিছৰে পৰা মুম্বাই আৰক্ষীয়ে ইকবালৰ ওপৰত চোকা নজৰ ৰাখিছিল। লগতে আৰক্ষীৰ অপৰাধ শাখাৰ শীৰ্ষ বিষয়া প্ৰদীপ শৰ্মাৰ নেতৃত্বত চলোৱা অভিযানত গ্ৰেপ্তাৰ হয় ইকবাল কাচকাৰ।

comments

Show More

Related Articles

Close