অসম

ঐক্যতাৰ ব্যতিক্রমি পদক্ষেপ

 

দক্ষিণ কামৰূপ:১৯ছেপ্টেম্বৰ:দৰিদ্ৰতাই দিশহাৰা কৰা এটি পৰিয়াল। পৰিয়াল টিক সহায় কৰিবলৈ আগবাঢ়ি আহিল স্বেচ্ছাসেৱী সংগঠন ঐক্যতা আৰু দক্ষিণ কামৰূপৰ বহুকেইজন হৃদয়বান ব্যক্তি । পৰিয়াল টিৰ এনে কৰুণ কাহিনী সংবাদ মাধ্যম সম্প্ৰচাৰীত তথা চচিয়েল মিডিয়াত ও বহুল ভাৱে সম্প্ৰচাৰিত হোৱাৰ পিছতো স্থানীয় বিধায়ক তথা কোনো জনপ্ৰতিনিধিয়ে এবাৰো পৰিয়ালটোৰ খবৰ নোলোৱাত ক্ষোভ প্ৰকাশ কৰিছে ৰাইজে ।  উল্লেখ্য যে বৰ্তমান খাবলৈ চাউল কন ও নাই পৰিয়ালটিৰ । কিয়নো দুটি কনমানি সন্তানেৰে চাৰিটা সদস্যৰ এই পৰিয়ালটিৰ উপাৰ্জন কৰা মূল ব্যক্তি গৰাকী বৰ্তমান শয্যাগত । আজি সাত মাহ ধৰি হৃদৰোগত আক্ৰান্ত হৈ ঘৰৰ বিচনাত পৰি আছে পলাশবাৰী সমষ্টিৰ ভুৰাপাৰাৰ অশ্বিনী কলিতা নামৰ এগৰাকী ৪৫ বছৰীয়া ব্যক্তি ।
চলিত বৰ্ষৰে জানুৱাৰী মাহত স্বামী অসুস্থ হোৱাত বিজয়নগৰৰ উপৰহালীস্থিত প্ৰাথমিক চিকিৎসালয়ত চিকিৎসা কৰিবলৈ নিয়াত ডাঃ ৰে ততাতয়াকৈ গুৱাহাটী মেডিকেল কলেজ হস্পতালৈ নিবলৈ দিয়াত জি এম চি প্ৰায় ডেৰ মাহ চিকিৎসা কৰাৰ পিছত এই জটিল ৰোগটো দেখা দিয়ে । তাৰ পিছত দুটি কণমাণি সন্তানৰ পিতৃ তথা স্বামীক সুস্থ্য কৰিবলৈ ঘৰৰ গৰু আৰু সোণৰ অলংকাৰ বিক্ৰী কৰি দিয়ে যদিও স্বামীক সুস্থ্য কৰিব পৰা নাই । বৰ্তমান মধুমেহ আৰু হৃদৰোগৰ দৰে জতিল ৰোগত আক্ৰন্ত অশ্বিনী কলিতাৰ চিকিৎসাৰ বাবে বহুকেইটা ব্যয়বহুল অপাৰেচনৰ আবশ্যক বুলি ডঃ ৰে জনোৱাৰ পিছত বিমোৰত পৰিছে পৰিয়ালটো । কিয়নো বৰ্তমান খাবলৈ চাউল নথকা পৰিয়ালটোৰ বাবে স্বামীৰ চিকিৎসাৰ কথা চিন্তা কৰিব পৰা নাই পত্নীয়ে । স্বামীৰ ৰোগৰ কথা বহুবাৰ স্থানীয় বিধায়ক প্ৰণৱ কলিতাক অৱগত কৰোৱাৰ পিছতো কোনো চৰকাৰৰ অভিলাষী আচনিৰ জৰিয়তে সকাহ দিব পৰা নাই । সেয়ে সংবাদ মাধ্যমৰ কাষ চাপি এই ক্ষেত্ৰত চৰকাৰৰ সহায় বিচৰাৰ লগতে কোনো হৃদয়বান লোকৰ আশীৰ্বাদ বিচাৰিছে দুৰ্ভগীয়া পৰিয়ালটোৱে ।

 

comments

Show More

Related Articles

Close