অসম

বজৰং দলৰ প্ৰতিক্ৰিয়া প্ৰকাশ

দুষ্কৃতিকাৰী ক ৰেহাই দিয়া নহব

জাগীৰোড:১৬ছেপ্টেম্বৰ:জাগীৰোড শাখা সদৌ অসম ছাত্ৰ সন্থাৰ কার্যলয়ত বজৰং দলৰ বেনাৰ উদ্ধাৰ হোৱা ঘটনাক দুভাগ্য জনক আখ্যা দিছে জাগীৰোড শাখা বজৰং দলে।এক প্ৰেছ বিগপ্তিৰ জৰিয়তে জাগীৰোড শাখা সমিতিৰ সভাপতি কৈলাশ ছেত্ৰী আৰু সম্পাদক মৃদুল বৰদলৈয়ে জনাই যে, শুক্র বাৰে জাগীৰোডত টেট শিক্ষয়িত্ৰী উষা দাসৰ ঘটনাৰ তদন্ত বিচাৰি বজৰং দলে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহন কৰিছিল জাগীৰোড কলা মন্দিৰত।কলা মন্দিৰ হৈছে বিভিন্ন দল, সংগঠন ,অনুস্হান- প্ৰতিষ্ঠানে সভা সমিতি অনুস্হিত কৰা ৰাজহুৱা ঠাই। এই কলা মন্দিৰতে জাগীৰোড আঞ্চলিক ছাত্ৰ সন্হাৰ অস্হায়ী কাৰ্যালয় আছে।শুক্ৰবাৰে বজৰং দলৰ কাৰ্যসূচীত ব্যৱহিত প্লে কাৰ্ড – পোষ্টাৰ জাগীৰোড আছুৰ কাৰ্যালয়ত আছু কৰ্মী নথকাৰ সুযোগলৈ কোনো দুষ্কৃতিকাৰীয়ে ফটো তলি ফেচবুক ৰ জৰিয়তে প্ৰকাশ কৰি আছুক জনমানসত হেও প্ৰতিপন্ন কৰিব বিচৰিছে । শুক্ৰবাৰে মৰিগাওঁ জিলা ছাত্ৰ সন্হাৰ মৰিগাওঁ সদৰত দিনযোৰা কাৰ্যসূচী থকাত জাগীৰোডৰ আছু কৰ্মীসকল জিলা কাৰ্যসূচীত ব্যস্ত থকাৰ সুযোগ গ্ৰহণ কৰি এনে কাৰ্য্য সিদ্ধি কৰিছে । এই ঘটনাত জৰিত সকলক কোনো কাৰণতে ৰেহাই দিয়া নহব। এই দুষ্ট চক্ৰ টুই এনে কাৰ্য্য সিদ্ধি কৰি দুই সংগঠনৰ মাজত বিভেদ সৃষ্টি কৰি সহস্ৰ জনগণক বিপথে পৰিচালিত কৰিব বিচাৰিছে।

comments

Show More

Related Articles

Close