অসম

বিধান সভাত গৃহীত প্ৰণাম বিধেয়ক

গুৱাহাটী:১৫ছেপ্টেম্বৰ:আজি বিধান সভাত গৃহীত হল প্ৰণাম বিল। দেশৰ বহুল চৰ্চিত এই বিধেয়ক খনৰ অনুযায়ী ৰাজ্য চৰকাৰৰ অধীনতৰ কৰ্মচাৰীৰ সকলে পিতৃ মাতৃৰ লগতে পৰিয়ালৰ দিব্যাংগ সদস্যক চোৱা-চিতা কৰাটো বাধ্যতমুলক হব।ইয়াৰ বাবে কৰ্মচাৰী জনৰ নিজৰ দৰমহাৰ পৰা ১০ শতাংশ দিব লাগিব।আনহাতে দিব্যাংগ সকলক দিব লাগিব দৰমহাৰ ৫ শতাংশ। ইয়াৰোপৰি মন্ত্ৰী বিধায়কৰ লগতে ব্যক্তিগত খণ্ডৰ কৰ্মচাৰী সকলো এই বিধেয়কৰ আওতালৈ আহিব।উল্লেখযোগ্য যে যদি সন্তান জনে মাতৃ পিতৃৰ লগতে দিব্যাংগ ভাই ভণিক অবেহিলিত কৰে তেন্তে পুত্ৰ জনৰ কাৰ্যালয়ত আবেদন জনালে তেওঁলোকে ধন খিনি পাব।প্ৰণাম বিধেয়ক গৃহীত হোৱা অসম হল দেশৰ প্ৰথম ৰাজ্য ।

comments

Show More

Related Articles

Close