অসমগুৱাহাটী

৩২৯ গৰাকী শিক্ষক অনুকম্পামূলক নিযুক্তি

গুৱাহাটী:১৪:ছেপ্টেম্বৰ:ৰাজ্যৰ শিক্ষা বিভাগত আমূল পৰিবৰ্তন অনাৰ লক্ষ্যৰে কেইবাটাও গুৰুত্বপূৰ্ণ আঁচনি গ্ৰহণ কৰা সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰ খনে এইবেলি ৩২৯জন শিক্ষকক অনুকম্পামূলক নিযুক্তি পত্ৰ প্ৰদান কৰে।মহানগৰীৰ কোলাক্ষেত্ৰত অনুষ্ঠিত হোৱা এক গাম্ভীৰ্য পূৰ্ণ অনুষ্ঠানত নিযুক্তি পত্ৰ প্ৰদান কৰে শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইফালে ৰাজ্যত বৃদ্ধি পোৱা টেট শিক্ষয়ত্ৰী নিৰ্যাতনৰ ঘটনাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে কিছুদিন পূৰ্বৰে মৰিগাঁও জিলাৰ লাহৰিঘাতত সংঘটিত হোৱা টেট শিক্ষয়ত্ৰী নিৰ্যাতনৰ ঘটনাক গুৰুত্ব সহকাৰে গ্ৰহণ কৰা কথা প্ৰকাশ কৰে ।লগতে চৰকাৰে দোষী ব্যক্তিক উপযুক্ত মূলক কঠোৰ শাস্তি বিহাৰ কথাও প্ৰকাশ কৰে ।

comments

Show More

Related Articles

Close