অসম

মানৱ প্ৰতিমা প্ৰদর্শনৰ অভিনৱ প্ৰয়াস

দক্ষিণ কামৰূপ:১৪ছেপ্টেম্বৰ: মানৱ প্ৰতিমা প্ৰদর্শনেৰে কুৰীৰো  ও অধিক কলা -কুঁশলী তথা শিল্পীৰ অভিনৱ প্ৰয়াস । দুৰ্গা পূজা- ৰাস উৎসৱ তথা বিভিন্ন ধৰ্মীয় অনুষ্ঠানত দক্ষিণ কামৰূপৰ দখলাৰ অগ্ৰগামী সাংস্কৃতিক দলে মানৱ প্ৰতিমা প্রদর্শন কৰি ভক্তৰ মাজত বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে চাওক আমাৰ এক প্ৰতিবেদন ।  মহাকাব্য মহাভাৰত ৰামায়ণৰ দেৱ দেৱী চৰিত্ৰ সমূহ প্ৰতিমা ৰূপত প্ৰদৰ্শন কৰি আহিছে এই সকল দখলা অগ্ৰগামী সাংস্কৃতিক দলৰ শিল্পী সকলে ২০১০ চনতে প্ৰতিভাবান শিল্পী হৰমোহন দাসৰ পৰিকল্পনা তথা পৰিচালনাত এইসকল শিল্পীয়ে স্থানীয় পূজা সভাত মানৱ প্ৰতিমা প্ৰদৰ্শনৰ যাত্ৰা আৰম্ভ কৰিছিল । ভক্ত তথা দৰ্শকৰ বিপুল সঁহাৰি লগতে সমাদৰ এইসকল শিল্পীৰ যাত্ৰা পথৰ পুষ্পঞ্জলি হৈ পকৰিল । দখলাৰ পৰা নব যাত্ৰাৰ আৰম্ভণি কৰা এই  শিল্পী সকলে আৰু পিছলৈ চাব লগা নহল । কিয়নো এওঁ লোকে অসমৰ বিভিন্ন স্থানৰ লগতে বিহাৰ , উত্তৰ প্ৰদেশ , ভূটান, নেপাল পৰ্যন্ত মানৱ প্ৰতিমা প্ৰদৰ্শন কৰিবলৈ নিমন্ত্ৰণ পাইছিল । পৰিচালক হৰমোহন দাসে জানিবলৈ দিয়া অনুসৰি আইবেলি দুৰ্গা পূজাত জালুকবাৰী সুন্দৰবড়িত তিনিটা কৈ দিন মানৱ প্ৰতিমা প্ৰদৰ্শন কৰিবলৈ নিমন্ত্ৰণ পাইছে  । মানৱ প্ৰতিমা প্ৰদৰ্শনেৰে দৰ্শক তথা ভক্তক আমোদ দিয়াৰ বাবে এই শিল্পী সকলৰ প্ৰতিভাক শলাগিছে লগতে দখলাৰ অগ্ৰগামী সাংস্কৃতিক দলৰ এই প্ৰচেষ্টাক ধন্যবাদ দিছে ৰাইজে ।।

 

comments

Show More

Related Articles

Close