প্ৰৱন্ধ

অসমৰ জিলা

বৰ্তমান অসমৰ মুঠ জিলাৰ সংখ্যা হল ৩৩ খন । বৃটিছৰ শাসন কালত অসমৰ মুঠ জিলা আছিল মাত্ৰ ৫ খন ।ইয়াৰে ভিতৰত
(১) লক্ষীমপুৰ জিলা ,
(২) শিৱসাগৰ জিলা ,
(৩) দৰং জিলা ,
(৪) নগাওঁ জিলা আৰু
(৫) কামৰুপ জিলা ।
১৮৭৪ চনত নতুন পুনৰ ৩ খন জিলাৰ সৃষ্টি কৰে ব্ৰিটিছ চৰকাৰে।ইয়াৰে ভিতৰত আছে
ব্ৰক্ষপুত্ৰ উপত্যকাৰ (১) গোৱালপাৰা জিলা , বৰাক উপত্যকাৰ পৰা (২)কাছাৰ জিলা ,উত্তৰ কাছাৰ পাৰ্বত্য অঞ্চলৰ পৰা (৩) ছিলেট জিলা ।
আনহাতে স্বাধীনতা সময়ত অসমত আৰু ২ খন নতুন জিলাৰ সৃষ্টি কৰা হয়। ক্ৰমে
(১) ডিব্ৰুগড় জিলা , (২) কাৰ্বিআংলং জিলা ।
১৯৮৩ চনত হিতেশ্বৰ শইকীয়া নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰৰ শাসন কালত ক্ৰমে
গোৱালপাৰা জিলাৰ পৰা (১) ধুবুৰী আৰু (২) কোকৰাঝাৰ , কাছাৰ জিলাৰ পৰা (৩) কৰিমগঞ্জ জিলা , কামৰুপ জিলাৰ পৰা (৪) বৰপেটা জিলা , দৰং জিলাৰ পৰা (৫) শোণিতপুৰ জিলা , শিৱসাগৰ জিলাৰ পৰা (৬) যোৰহাট জিলা আৰু (৭) গোলাঘাট জিলা , ডিব্ৰুগড় জিলাৰ পৰা (৮) তিনিচুকীয়া জিলাৰ সৃষ্টি কৰে।
১৯৮৫ চনত ৰাজ্যত পোন প্ৰথমবাৰৰ বাবে শাসনলৈ অহা প্ৰফুল্ল মহন্ত নেতৃত্বাধীন অসম গণ পৰিষদ চৰকাৰৰ কাৰ্য্যকালত ক্ৰমে ,
ধুবুৰী, গোৱালপাৰা আৰু কোকৰাঝাৰ জিলাৰ কিছু অংশ লগলগাই (১) বঙাইগাওঁ জিলা , কামৰুপ জিলাৰ পৰা আকৌ (২) নলবাৰী জিলা , দৰং জিলাৰ পৰা (৩) ওদালগুৰি জিলা , লক্ষীমপুৰ জিলাৰ পৰা (৪) ধেমাজী জিলা ,নগাওঁ জিলাৰ পৰা (৫) মৰিগাওঁ জিলা , আৰু কাছাৰ জিলাৰ পৰা (৬) হাইলাকান্দি জিলাৰ সৃষ্টি হয় ।
তাৰ পাছত আকৌ কামৰুপ জিলা পৰা (৭) কামৰুপ মহানগৰ জিলাৰ সৃষ্টি হয় ।
২০০৩ চনত পুনৰ তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰৰ কাৰ্যকলত ক্ৰমে , কোকৰাঝাৰ জিলাৰ পৰা (১) চিৰাং জিলা , ওদালগুৰি জিলাৰ পৰা (২) বাক্সাৰ জিলাৰ সৃষ্টি হয় ।
আকৌ ২০১৫ চনত তৰুণ গগৈ চৰকাৰে –
ধুবুৰী জিলাৰ পৰা (১) দক্ষিণ শালমাৰা জিলা , ( নগাওঁ জিলাৰ পৰা (২)হোজাই জিলা , শোণিতপুৰ জিলাৰ পৰা (৩) বিশ্বনাথ জিলা , শিবসাগৰ জিলাৰ পৰা (৪) চৰাইদেই জিলা ,কাৰ্বি আংলং হামৰেণ মহকুমাক সামৰি (৫) পশ্চিম কাৰ্বিআংলং জিলাৰ সৃষ্টি কৰে ।
ইয়াৰোপৰি সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰে যোৰহাট জিলাৰ পৰা মাজলী নদীদ্বীপ সামৰি মাজুলী জিলাৰ সৃষ্টি কৰে ।
নিতু বৰ্মণ
গেৰুৱা, মৰিগাঁও

comments

Show More
Close