অসমউত্তৰ পূৰ্বাঞ্চলগুৱাহাটীৰাজনীতিশেহতীয়া

চাহ শ্ৰমিকৰ অৱদানৰ বাবে বিশ্বত সন্মান বুটলিছে অসমে:মুখ্যমন্ত্ৰী

গুৱাহাটী:১২ছেপ্টেম্বৰ:

‘চাহ শ্ৰমিক সকলৰ জীৱনৰ মান উন্নত কৰিব লাগিব । শ্ৰমিক সকলৰ সমস্যা সমাধানত চৰকাৰে অগ্ৰাধিকাৰ দিব । চাহ উদ্যোগক আধুনিকীকৰণ কৰি আগুৱাই নিয়াত সঠিক ব্যৱস্থা লোৱা হ’‍ব।’ -এই মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ । আজি বিধানসভাত এই মন্তব্য প্ৰদান কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে , চাহ শ্ৰমিকৰ দক্ষতাৰ অভাৱ নাই, অসমৰ অৰ্থনৈতিক বুনিয়াদ শক্তিশালী কৰাৰ নিমিত্তে আমি কাম কৰিবই লাগিব, শ্ৰমিকৰ মৌলিক সমস্যা সমাধান কৰিবই লাগিব । অসমৰ ৪০ লাখ শ্ৰমিকৰ বাবে উপযুক্ত নীতি গ্ৰহণ কৰিব লাগিব বুলিও মন্তব্য প্ৰদান কৰে মুখ্যমন্ত্ৰী সোণোৱালে । তেওঁ কয় যে চাহ শ্ৰমিকৰ অৱদানৰ বাবেই অসমৰ চাহে বিশ্বত সন্মান বুটলিছে। শাসক-বিৰোধীৰ ঐক্যবদ্ধ প্ৰচেষ্টাৰে চাহ শ্ৰমিকৰ সমস্যা সমাধান হ’ব লাগিব বুলিও তেওঁ কয় ।
দীৰ্ঘদিনীয়া সমস্যাৰে ভাৰাক্ৰান্ত ৰাজ্যৰ চাহ শ্ৰমিক সকললৈ সোণোৱালৰ এই মন্তব্যই কি ৰেঙণি কঢ়িয়াই আনে, সেয়া লক্ষ্যণীয় হ’ব ।

comments

টেগ
Show More

Related Articles

Close