ৰাজনীতি

মই যি কৰিম বুলি ভাবো সেয়া কৰোঁৱেই: হিমন্ত বিশ্ব শৰ্মা

বি টি এডি নিৰ্মান হব ৪ খনকৈ দীনদয়াল মহাবিদ্যালয় ::: পূজাৰ পূৰ্বেই লাভ কৰিব ছেপ্টেম্বৰৰ দৰমহা

গুৱাহাটী:১২ছেপ্টেম্বৰ:অচিৰেই বি টি এডি অঞ্চলত চাৰি খনকৈ দীনদয়াল মহাবিদ্যালয় স্থাপনৰ কথা ঘোষণা কৰে শিক্ষামন্ত্ৰী হিমান্ত বিশ্ব শৰ্ম্মাই।আজি বিধান সভাৰ মজিয়াত এই ঘোষণা কৰে মন্ত্ৰী শৰ্মাই।দীনদয়াল মহাবিদ্যালয় প্ৰসংগত বক্তব্য দাঙি ধৰি তেওঁ কয় যে ,অঞ্চল সমূহত কলেজ নিৰ্মাণৰ বাবে বিধায়কৰ বিচাৰৰ ওপৰত নিৰ্ভৰ কৰিব । যদিহে বিধায়কে বিচাৰে তেনেহলে একাধিক কলেজ স্থাপন কৰা হব। ইফালে ৰাজ্যৰ কলেজক দীনদয়াল উপাধ্যায় নামাকৰণ কৰাক কেন্দ্ৰ কৰি বিতৰ্ক অব্যাহত থকাৰ সময়তে তেওঁ কয় যে মই যি কৰোঁ বুলি ভাবো সেয়া কৰোৱেই।সেয়া যোৱা ১৫ বছৰে ৰাইজে দেখিছে।ইয়াৰোপৰি ৰাজ্যিক কৰ্মচাৰী সকলে পূজাৰ পূৰ্বেই ছেপ্টেম্বৰ মাহৰ দৰমহা লাভ কৰিব বুলি ঘোষণা কৰে শিক্ষা,বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

comments

Show More

Related Articles

Close