Uncategorisedঅসমউত্তৰ পূৰ্বাঞ্চলগুৱাহাটীজীৱিকাব্যৱসায়

গুৱাহাটীত জনপ্ৰিয় হৈছে গাৰো পাহাৰৰ শাক-পাচলি

হাঁহ আৰু এৰি পলু শেহতীয়া সংযোজন

ডনবস্ক স্কুলৰ সমীপৰ বিএছ এন এলৰ সন্মুখৰ বজাৰৰ দৃশ্য

ব‍্যুৰো

গুৱাহাটী, ১২ ছেপ্টেম্বৰ: বৰ্তমান সময়ত ৰাসায়নিক সাৰ দিয়া শাক-পাচলি অবতৰতো সকলোতে উপলব্ধ যদিও সেই সমূহ ভক্ষণৰ ফলস্বৰূপেই যে নানান ৰকমৰ বেমাৰ-আজাৰৰ সৃষ্টি হৈছে সেইটো সকলোৱেই বুজি পায়। ৰাসায়নিক সাৰৰ লগতে কীটনাশক ঔষধ প্ৰয়োগৰ ফলস্বৰূপে উক্ত শাক-পাচলিবোৰৰ স্বাস্থ‍্য সুন্দৰ হয় যদিও প্ৰকৃততে সেইবোৰ খাদ‍্যৰ নামত বিহৰ দৰেহে। সেইহেতুকেই গুৱাহাটীত শেহতীয়াকৈ আদৰ বৃদ্ধি পাইছে কাষৰীয়া গাওঁ বা পাহাৰীয়া অঞ্চলৰ পৰা অনা সাৰ বা কীটনাশক নিদিয়া ‘লোকেল’ শাক-পাচলিৰ। অত‍্যন্ত সোৱাদভৰা এই শাক-পাচলিবোৰ সাধাৰণতে পানী খাইটি, জাগিৰোড, সোণাপুৰ, উত্তৰ গুৱাহাটীৰ কুৰুৱা আদিৰ পৰা আমদানি হয় যদিও গুৱাহাটীৰ ফুটপাথত শেহতীয়াকৈ অসম -মেঘালয় সীমাৰ গাৰো পাহাৰৰ পৰা অনা সতেজ শাক-পাচলিৰ এক সুন্দৰ বজাৰ গঢ় লৈ উঠিছে। কলডিলৰ পৰা আদি কৰি নেমু, পানীলাউ, ৰঙালাও, কাচকল, কচু, আদি লগতে বিভিন্ন তৰহৰ সতেজ শাক পোৱা যায় এই বজাৰত। তদুপৰি, বহুতৰে প্ৰিয় এৰি পলু আৰু হাঁহো শেহতীয়াকৈ বেপাৰী সকলে এই বজাৰত বিক্ৰীৰ বাবে অনা দেখা পোৱা গৈছে। এই বজাৰত গ্ৰাহকৰ ভিৰ হোৱাৰ আন এটা কাৰণ হ’ল তুলনামূলকভাৱে কম দামত পোৱা যায় এই সামগ্ৰীবোৰ। গুৱাহাটীৰ ডনবস্ক স্কুলৰ সমীপৰ বি এছ এন এল অফিচৰ সন্মুখ, উজান বজাৰ, কাছাৰীঘাট, গণেশগুৰি, বেলতলা আদিৰ লগতে মহানগৰীৰ আন বহুতো স্থানত এনে বজাৰ গঢ় লৈ উঠিছে।

comments

টেগ
Show More

Related Articles

Close