অসম

ডনবস্ক’ বিশ্ববিদ্যালয়ৰ সমাৱৰ্তনত ৰাজ্যপাল

৭২৪ গৰাকী শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান

গুৱাহাটী,৯ ছেপ্টেম্বৰ: “শিপাৰ লগত সম্পৰ্ক থাকিলেহে জীৱনত সফল হ’ব পাৰি৷ জীৱনত আগবাঢ়ি যোৱাৰ লগতে শিক্ষাৰ্থীসকলে নিজৰ সমজখনৰ কথা মনত ৰাখিব লাগিব৷   ” অসম ডনবস্ক’ বিশ্ববিদ্যালয়ৰ ষষ্ঠ সমাৱৰ্তনত সঞ্চালনা কৰি অসমৰ ৰাজ্যপাল তথা বিশ্ববিদ্যালয়খনৰ ভিজিটৰ বানৱাৰীলাল পুৰোহিতে এইদৰে কয়৷ বিশ্ববিদ্যালয়খনৰ আজাৰা চৌহদত শনিবাৰে অনুষ্ঠিত সমাৱৰ্তনত দেশ-বিদেশৰ ৭২৪ গৰাকী শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান কৰা হ’ব৷ ইয়াৰে ২০৪গৰাকীক অভিযান্ত্ৰিকৰ স্নাতক ডিগ্ৰী, ৪১ গৰাকীক এম টেক, ৫৪ গৰাকীক এম এছ ডব্লিউ, ২০ গৰাকীক এম চি এ, ৩৪ গৰাকীক এম বি এ, ৯ গৰাকীক মনোবিজ্ঞানৰ, ৫ গৰাকীক মানৱ অধিকাৰৰ , ৪ গৰাকীক গণসংযোগৰ, ৭ গৰাকীক শিক্ষাৰ, ১৩ গৰাকীক পদাৰ্থ বিজ্ঞানৰ, ১৪ গৰাকীক লাইফ ছায়েঞ্চৰ স্নাতকোত্তৰ ডিগ্ৰী আৰু ৬ গৰাকীক পি এইচ ডি ডিগ্ৰী প্ৰদান কৰা হ’ব৷ বিশ্ববিদ্যালয়খনৰ দূৰ শিক্ষা শাখাৰ অধীনত শিক্ষা গ্ৰহণ কৰা ৩০৯ গৰাকী শিক্ষাৰ্থীকো ডিগ্ৰী প্ৰদান কৰা হ’ব৷ উৎকৃষ্ট ফলাফল প্ৰদৰ্শন কৰা ১৬ গৰাকী শিক্ষাৰ্থীক  সোণৰ পদক প্ৰদান কৰা হয়৷ স্নাতকোত্তৰ শাখাত সৰ্বোৎকৃষ্ট ফলাফল প্ৰদৰ্শন কৰা এম বি এ বিভাগৰ অমৰ কুজুৰক আচাৰ্য মেডেল আৰু স্নাতক শাখাত সৰ্বোৎকৃষ্ট ফলাফল প্ৰদৰ্শন কৰা কম্পিউটাৰ ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিং বিভাগৰ ৰাছেল জৰ্জক  উপাচাৰ্যৰ মেডেল প্ৰদান কৰা হয়৷ বিশ্ববিদ্যালয়ৰ আচাৰ্য ফাদাৰ ভি এম থমাছ,উপাচাৰ্য ফাদাৰ ষ্টিফেন মাভেলিও সমাৱৰ্তন অনুষ্ঠানত উপস্থিত থাকে৷

comments

Show More

Related Articles

Close