অসম

ডেষ্টিনেচনলৈ ৱাটচ ৱাপ গ্ৰুপ উত্তৰণৰ খাদ্য সামগ্ৰী বিতৰণ

মানসিকভাবে দূৰ্বল শিশুৰ অনাথালয় তথা শিশুগৃহ গুৱাহাটীৰ  কাহিলীপাৰাস্থিত ডেষ্টিনেচনৰ বাবে ৱাটচ এপ গ্ৰুপ ” উত্তৰণ”ৰ তৰফৰ পৰা কিছুদিনৰ বাবে খাদ্য সামগ্ৰী আৰু প্ৰয়োজনীয় আন সামগ্ৰী যোগান ধৰা হয় । ৩২ জন শিশুৱে বাস কৰা শিশুগৃহটোৰ বাবে ১০০ কিল’গ্ৰাম চাউল, ৫০ কিল’গ্ৰাম দাইল আৰু ১০ কিল’গ্ৰাম কাপোৰ ধোৱা পাউদাৰ চাৰ্ফ, ৫০ টুকুৰা চাবোন দিয়াৰ লগতে  চকলেট , কেক আদি খুৱাই  অনাথ শিশুসকলৰ মুখত খন্তেকৰ বাবে হ’লেও হাঁহি বিৰিঙিওৱা প্ৰয়াস কৰে  উত্তৰণৰ দলটোৱে । আজি শিশুগৃহটোত উপস্থিত হৈ উত্তৰণৰ তৰফৰ পৰা আশাদ্বীপা শইকীয়া , নিবিৰ নীতিশ , প্ৰাঞ্জল শইকীয়া , অভিদীপা ওজাঁ , জীৰণি শৰ্মা, চন্দনা দলৈ, আশীষ শইকীয়া ইত্যাদি কেইবাগৰাকী সদস্যই ডেষ্টিনেচনত গৈ সামগ্ৰীসমূহ প্ৰদান কৰে । সমাজ কল্যাণ বিভাগৰ পৰা বছৰি অনাথালয় বা শিশুগৃহলৈ এক নিৰ্দ্দিষ্ট পুজি প্ৰদান কৰা হয় যদিও সেইয়া পৰ্যাপ্ত নহয় । সেয়েহে বিভিন্ন সময়ত বেচৰকাৰী সংস্থা বা স্বেচ্ছাসেৱী অনুস্থানে এওঁলোকক সহায়ৰ হাত আগবঢ়াইছে । এইক্ষেত্রত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা সঠিক পদক্ষেপ লবলৈ আহ্বান জনাইছে নিবিৰ নীতিশে ।

comments

Show More

Related Articles

Close