অসম

প্ৰাথমিক শিক্ষা সৱলীকৰণ আঁচনিৰ অধীনত ১১,৬৪৮ গৰাকী টেট শিক্ষক নিযুক্তি।

গুৱাহাটী:৮ছেপ্টেম্বৰ:চৰকাৰী আৰু প্ৰাদেশীকৃত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক গুণগত শিক্ষা প্ৰদানৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ অংশ হিচাপে প্ৰাথমিক শিক্ষা সৱলীকৰণ আঁচনি,অসম চৰকাৰৰ অধীনত আজি ১১,৬৪৮ গৰাকী টেট উত্তীৰ্ণ প্ৰাৰ্থীক আনুষ্ঠানিক ভাৱে নিযুক্তি পত্ৰ বিতৰণ কৰা হয়। মহানগৰীৰ খানাপাৰস্থিত অসম চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰ প্ৰাঙ্গনত অনুষ্ঠিত হোৱা নিযুক্তিপত্ৰ বিতৰণ অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নৱনিযুক্ত শিক্ষক সকলক উৎসাহ প্ৰদান কৰি অতি নিষ্ঠাৰে কাম কৰি এখন সুন্দৰ আৰু নিকা সমাজ গঠন কৰিবলৈ আহ্বান জনায়। ইয়াৰোপৰি শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উক্ত অনুষ্ঠানত উপস্থিত থাকি নৱনিযুক্ত শিক্ষক সকলক নিষ্ঠাৰে কাম কৰি সমাজত শিক্ষাৰ এক নতুন ধাৰা সৃষ্টি কৰিবলৈ আহ্বান জনোৱাৰ লগতে অসমৰ ২৬ খন জিলাৰ নৱনিযুক্ত শিক্ষক সকলক নিযুক্তি পত্ৰ প্ৰদান কৰে।আনহাতে নৱনিযুক্ত শিক্ষকসকলৰ বাবে উক্ত দিনাই এটা প্ৰশিক্ষণ অনুষ্ঠানৰো আয়োজন কৰা হয়।কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ সহযোগিতাত আয়োজন কৰা উক্ত অনুষ্ঠানত কেইবাগৰাকী পাৰদৰ্শী ব্যক্তি উপস্থিত থাকে।ইফালে শিক্ষা বিভাগৰ আয়ুক্ত সচিব প্ৰীতম শইকীয়াৰ আদৰণি ভাষণৰে আৰম্ভ হোৱা উক্ত অনুষ্ঠানত উপস্থিত থাকে ,শক্তি মন্ত্ৰী পল্লবলোচন দাস,জাগীৰোড সমষ্টিৰ বিধায়ক পিয়ুষ হাজৰিকা, কৃষ্ণকান্ত ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ হিতেশ ডেকাৰ লগতে বহু ব্যক্তি।

comments

Show More

Related Articles

Close