অসম

৬০৯৩ জন ৰোগীলৈ চৰকাৰৰ চিকিৎসা সাহায্য

অটল অমৃত অভিযানৰ চেক বিতৰণ কৰিলে মুখ্যমন্ত্ৰী,স্বাস্থ্য মন্ত্ৰীয়ে

গুৱাহাটী:৭ছেপ্টেম্বৰ:খানাপাৰস্থিত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আজি অনুষ্ঠিত এক অনুষ্ঠানত অসম চৰকাৰৰ অভিলাসী স্বাস্থ্য নিশ্চয়তা প্ৰদান আঁচনি অটল অমৃত অভিযানৰ হিতধিকাৰীসকলক সমূহীয়াকৈ চেক বিতৰণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।কৰ্কট ৰোগ হিদ ৰোগ,বৃক্কজনীত ৰোগ,নবজাতকৰ ৰোগ,স্নায়ু ৰোগ আৰু জুইয়ে পোৰা সমস্যাত জৰ্জৰিত অভাৱগ্ৰস্ত লোকসকলক চিকিৎসা সাহায্য প্ৰদানৰ উদ্দেশ্যে প্ৰৱৰ্তিত অটল অমৃত অভিযান আঁচনিৰ অধীনত এইবাৰ মুঠ ৬০৯৩ জন ৰোগীক চৰকাৰে চিকিৎসা সাহায্য প্ৰদান কৰিছে।উল্লেখযোগ্য যে ২০১৬ চনৰ ২৫ ডিচেম্বৰত আৰম্ভ কৰা তথা চৰকাৰে ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী অমৃত অভিযানৰ নামেৰে নামাংকৃত কৰা অটল অমৃত অভিযান আঁচনি খনৰ জৰিয়তে চৰকাৰে মুঠ ৬ তা জটিল ৰোগত ভূগী থকা অভাৱগ্ৰস্থ ৰোগীসকলক সহায়তা প্ৰদানৰ মহৎ উদ্দেশ্য আগত ৰাখি আঁচনি খনৰ কাৰ্ড ব্যৱস্থা প্ৰদানৰ কাম বৰ্তমানে চলাই আছে । এই ব্যৱস্থা পূৰ্ণাঙ্গৰূপত আৰম্ভ হোৱা পৰ্যন্ত চৰকাৰে এই সময়ছোৱাৰ ৰোগী সকলক সকাহ দিয়াৰ উদ্দেশ্যে আঁচনিখনৰ অন্তৰ্গত ছটা জটিল ৰোগৰ চিকিৎসা জনিত ব্যয়ৰ বাবদ ২ লাখ টকা পৰ্যন্ত সাহায্য প্ৰদানৰ ব্যৱস্থা কৰিছে।অটল অমৃত অভিযানৰ অধীনত দ্বিতীয়বাৰৰ বাবে সমূহীয়া চেক বিতৰণৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে স্বাস্থ্য বিভাগৰ এই আঁচনিৰ জৰিয়তে অভাৱগ্ৰস্থ ৰোগীক সহায়তা প্ৰদানৰ এক মহৎ কায্য চৰকাৰে সম্পাদনা কৰাৰ কথা উল্লেখ কৰে।অনুষ্ঠানটোত বিভাগীয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আঁচনিখনৰ সকলো প্ৰায়োগিক দিশ তথা ৰোগৰ সমস্যাত জৰ্জৰিত জনক চৰকাৰে সকাহ দিয়াৰ বাবে অটল অমৃত অভিযানৰ কৰ্মপন্থাৰ সবিশেষ ৰাইজক অৱগত কৰে।উল্লেখযোগ্য যে,এইবাৰ চিকিৎসা সাহায্য লাভ কৰা মুঠ ৬০৯৩ জন ৰোগীৰ ভিতৰত ৩৪৫৯ জন কৰ্কট ৰোগী,১০৬০ জন হিদ ৰোগী,৮৮১ জন বৃক্কজনিত ৰোগী,৩৫ জন নৱজাতক ৰোগী,৬০৬ জন স্নায়ুৰোগী ,৫২ জন জুইয়ে পুৰা সমস্যাত আক্ৰান্ত ৰোগী উপকৃত হৈছে।

comments

Show More

Related Articles

Close