
অসম
১১৭৪৯ গৰাকী শিক্ষক নিযুক্তিৰ পূৰ্বেই খেলিমেলি
১৫ ছেপ্টেম্বৰৰ ভিতৰত নিযুক্তিৰ দাবী টেট উত্তীৰ্ণ প্ৰাৰ্থীৰ
গুৱাহাটী:৭ছেপ্টেম্বৰ:ৰাজ্যত নতুন কৈ ১২৮০০ পদ সৃষ্টি কৰি ১১৭৪৯ টা পদত শিক্ষক নিযুক্তি দিয়াৰ পূৰ্বেই প্ৰাৰ্থীৰ সম্পূৰ্ণ তথ্য ভেৰিফিকেচনত বিসংগতি হোৱাৰ অভিযোগ উত্থাপন কৰিছে টেট উত্তীৰ্ণ তথা নিযুক্তিৰ পৰা বঞ্চিত প্ৰাৰ্থী সকলে।আজি মহানগৰীৰ দিছপুৰ প্ৰেছ ক্লাৱত অনুস্থিত এক সংবাদ মেলত এই অভিযোগ উত্থাপন কৰে নিযুক্তিৰ পৰা বঞ্চিত প্ৰাৰ্থী সকলে।সংবাদ মেলাৰ জৰিয়তে টেট উত্তীৰ্ণ তথা নিযুক্তিৰ পৰা বঞ্চিত প্ৰাৰ্থী সকলে কয় যে,সমগ্ৰ অসমত ১০০০-১২০০ৰ প্ৰাৰ্থী বানপানী বা অন্যান্য প্ৰাকৃতিক দুৰ্যোগৰ বাবে ডকুমেণ্ট ভেৰিফিকেচনৰ পৰা বঞ্চিত হৈছে।বিগত সময়ত অ টি পি নম্বৰ নহাৰ বাবেও বহু প্ৰাৰ্থীয়ে ডকুমেন্ট জমা কৰিব নোৱাৰাৰ কথাও উল্লেখ কৰে।নিযুক্তিৰ পৰা বঞ্চিত এজন টেট উত্তীৰ্ণ প্ৰাৰ্থীয়ে কয় যে,তেওঁ অনলাইন যোগেদি চেষ্টা কৰিছিল যদিও অ টি পি নম্বৰ নহাত বাৰে বাৰে চেষ্টা কৰিছিল যদিও তেওঁ সফল নহল।অৱশেষত ডকুমেন্ট দিয়াৰ অন্তিম তাৰিখে নিযুক্তি পোৱা জিলাৰ মূখ্য কাৰ্যালয়ত যোগাযোগ কৰিবলৈ শিক্ষা বিভাগৰ ৱেবছাইটৰ যোগেদি জাননী জাৰি কৰিছিল যদিও তেওঁ উক্ত স্থান গৈ পোৱাত বহু পলম হল ।কাৰণ তেওঁ ঘৰ ডিব্ৰুগড়ত আৰু মূখ্য কাৰ্যালয় তিনিচুকীয়াত।ইফালে আজিৰ সংবাদ মেলৰ জৰিয়তে চলিত বৰ্ষৰ ১৫ ছেপ্টেম্বৰৰ ভিতৰত পুনৰ ভেৰিফিকেচন কৰি নিযুক্তি দিবলৈ দাবী জনায় টেট উত্তীৰ্ণ তথা নিযুক্তিৰ পৰা বঞ্চিত প্ৰাৰ্থী সকলে।