অসমশেহতীয়া

গহপুৰৰ ছয়দুৱাৰ কলেজত বানপানী

গহপুৰ:৭ছেপ্টেম্বৰ  :প্ৰতি বছৰে ছয়দুৱাৰ কলেজে বানপানীৰ দুৰ্ভোগ ভূগীব লগীয়া হৈছে। সাধাৰণ বৰষুণ হলেই পাহাৰৰ পানীয়ে ছয়দুৱাৰ কলেজত বানপানীৰ সৃষ্টি কৰে। যোৱা ৪জুনৰ পৰা ছয়দুৱাৰ কলেজ পানীৰ তলত। এইটো কলেজখনৰ তৃতীয়টো বানপানী। বানপানীৰ ফলত কলেজৰ ভালেকেইটা ৰুম পানীৰ তলত। বাইক ষ্টেন্ড, চাইকেল ষ্টেন্ড আৰু প্ৰস্ৰাৱগাৰ একাঠো পানীৰ তলত। কলেজ গেটৰ সন্মূখত পানী মুঠৰ ওপৰত সকলো ফালৰ পৰা ছাত্ৰ-ছাত্ৰীয়ে দূৰ্ভোগ ভূগীব লগীয়া হৈছে।

৪,৫ ছেপ্তেম্বৰত নবাগত আদৰণি সভা ও শিক্ষক দিৱসো পানীৰ দ্বাৰা ব্যাঘাত জন্মিলে। কলেজৰ মূল গেটেদি অহা যোৱা কৰিব নোৱাৰি, একাঠু পানী।

পাহাৰত বৰষুণ দিলেই কলেজ পানীৰে ভৰি পৰে। এইক্ষেত্ৰত প্ৰতিবাৰেই ছাত্ৰ-ছাত্ৰীয়ে দুৰ্ভোগ ভূগীব লগীয়া হৈছে। আজিলৈকে চৰকাৰ প্ৰশাসনৰ কাণ সাৰ নাই ই সচাঁকৈয়ে দূৰ্ভাগ্যজনক।

comments

টেগ
Show More

Related Articles

Close