অসমউত্তৰ পূৰ্বাঞ্চলগুৱাহাটীৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়শেহতীয়া

উত্তৰ-পূবৰ ভিতৰতে সৰ্বাধিক পথ দুৰ্ঘটনা অসমত

২০১৬ চনত ৭৪৩৫ টা পথ দুৰ্ঘটনাত ২৫৭২জনৰ মৃত‍্যু

ব‍্যুৰো

ফাইল ফটো

গুৱাহাটী, ৭ ছেপ্তেম্বৰ:

গাড়ী-মটৰৰ বিক্ৰী বৃদ্ধিৰ সমান্তৰালকৈ পথ দুৰ্ঘটনাৰ সংখ্যাও ভয়াৱহভাৱে বৃদ্ধি পাইছে অসমত। প্ৰকৃততে পৰিসংখ্যাইও কঢ়িয়াই আনিছে অসনি সংকেত। সমগ্ৰ উত্তৰ-পূবৰ ৮ ৰাজ‍্যৰ ভিতৰতে সৰ্বাধিক পথ দুৰ্ঘটনাৰে অভিলেখ গঢ়িবলৈ সক্ষম হৈছে অসম। কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰালয়ৰ তথ্য মতে ২০১৬ বৰ্ষত অসমত মুঠ ৭৪৩৫ টা পথ দুৰ্ঘটনা সংঘটিত হৈছিল আৰু মুঠ ২৫৭২ জন মানুহে প্ৰাণ হেৰুৱাইছিল। উক্ত বৰ্ষত পথ দুৰ্ঘটনা মেঘালয়ত হৈছিল ৬২০ টা, মণিপুৰত ৫৩৩ টা, ত্ৰিপুৰাত ৫৫৭ টা, অৰুণাচল প্ৰদেশত ২৪৯ টা, মিজোৰামত ৮৩ টা আৰু নাগালেণ্ডত ৭৫ টা সংঘটিত হৈছিল। সমগ্ৰ দেশত উক্ত বৰ্ষত সৰ্বমুঠ ৪৮০৬৫২ টা পথ দুৰ্ঘটনা সংঘটিত হৈছিল আৰু ১৫০৭৮৫ জন লোকে প্ৰাণ হেৰুৱাইছিল।

comments

টেগ
Show More

Related Articles

Close