অসম

সোণোৱাল চৰকাৰক আছুৰ হুংকাৰ

আশ্বাস নহয় সমাধান লাগে: সমুজ্জল ভট্টাচাৰ্য::মাহজোৰা আন্দোলন ঘোষণা আছুৰ

গুৱাহাটী: ৬ছেপ্টেম্বৰ :ৰাজ্যৰ অসমীয়া মাধ্যমৰ বিদ্যালয় সমূহত বহিঃৰাজ্যৰ অনা অসমীয়াক সংস্থাপন কৰিব খোজা সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰ খনৰ সিন্ধান্তক খিলঞ্জীয়াৰ বিৰোধী সিদ্ধান্ত আখ্যা দিয়ে সদৌ অসম ছাত্ৰ সন্থাই।জনগণৰ বিপুল সমৰ্থনৰে নিৰ্বাচিত চৰকাৰ খনে খিলঞ্জীয়া অসমৰ জনগণৰ ক্ষেত্ৰত গ্ৰহণ কৰা দুমুখীয়া স্থিতিৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি বিজেপি চৰকাৰৰ জন বিৰোধী সিদ্ধান্তৰ বিৰোধীতাত মাহজোৰা আন্দোলন ঘোষণা কৰে সদৌ অসম ছাত্ৰ সন্থাই।মহানগৰীৰ শ্বহীদ ন্যাসত এক সংবাদ মেল সম্বোধন কৰি আছুৰ মুখ্য উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্যই কয় যে,সোণোৱাল চৰকাৰ খনে শাসনলৈ আহি কেৱল আশ্বাস প্ৰদান কৰিছে।এতিয়ালৈ সমস্যা সমূহৰ কোনোধৰণৰ সমাধান দিব পৰা নাই।তেওঁ কয় যে চৰকাৰ গঠনৰ মাত্ৰ ১৫ মাহৰ ভিতৰত আন্দোলন কৰিব লাগিব বুলি আমি কেতিয়াও ভবা নাছিলো। উত্তৰ পূৱক অষ্টলক্ষী বুলি কয় ।কিন্তু তেওঁলোকৰ চকু অষ্টলক্ষীৰ সমস্যাৰ ওপৰত নহয় সম্পদৰ ওপৰতহে।ইফালে বিদেশী বহিস্কাৰৰ ক্ষেত্রত আছুৰ আপোচবিহীন স্থিতিৰ কথা উল্লেখ কৰি কয় অসম চুক্তিৰ প্ৰতিটো দফাই কাৰ্য্যকৰী কৰি বিদেশী বিতাড়ণৰ ক্ষেত্রত চৰকাৰ খনে সদিচ্ছা প্ৰদৰ্শন কৰক।ইয়াৰোপৰি সংবাদ মেলত ৰাজ্যৰ শৈক্ষিক সমস্যা ,বানপানী সমস্যা,বৃহৎ নদীবান্ধ আদি সমস্যা সমাধান কৰা আদি বিষয়ত ধাৰাবাহিক প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰাৰ কথা ঘোষণা কৰে আছুই।লগতে ৰাজ্যৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা নকৰা পৰ্যন্ত আছুৰ আন্দোলন অব্যাহত থাকিব বুলি সকীয়াই দিয়ে আছুৰ শীৰ্ষ নেতৃত্বই।

comments

Show More

Related Articles

Close