Uncategorised

১১, ১২ চেপ্তেম্বৰত প্ৰাক্তন ছাত্ৰৰ সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত তৰ্ক, অাবৃত্তি, অাধুনিক গীত, সমবেত সঙ্গীত প্ৰতিযোগিতা

গুৱাহাটী ৬ চেপ্তেম্বৰ : গুৱাহাটী বিদ্যালয় সমূহৰ প্ৰাক্তন ছাত্ৰৰ উদ্যোগত ১১ অাৰু ১২ চেপ্তেম্বৰ তাৰিখে গুৱাহাটীৰ উজান বজাৰস্থিত কুমাৰ ভাস্কৰ নাট্য মন্দিৰত গুৱাহাটীৰ বিদ্যালয় সমূহৰ ছাত্ৰ-ছাত্ৰীৰ মাজত তৰ্ক, অাবৃত্তি, অাধুনিক গীত, সমবেত সঙ্গীত প্ৰতিযোগিতাৰ অায়োজন কৰা হৈছে। প্ৰতিটো প্ৰতিযোগিতাতে প্ৰতিখন বিদ্যালয়ৰ পৰা দুগৰাকীকৈ প্ৰতিযোগীয়ে অংশ গ্ৰহন কৰাৰ লগতে সমবেত সঙ্গীত প্ৰতিযোগিতাত একোখন বিদ্যালয়ৰ সবোৰ্চ বাৰজন ছাত্ৰ-ছাত্ৰীৰ এটা দলে যোগদান কৰিব পাৰিব। তৰ্ক প্ৰতিযোগিতাৰ বিষয় সদনৰ মতে – “চৰকাৰৰ অৱহেলাই মাতৃভাষাৰ বিদ্যালয়ৰ অৱক্ষয়ৰ অন্যতম কাৰণ”। প্ৰতিযোগীসকলে বিদ্যালয়ৰ অধ্যক্ষ অথবা প্ৰধান শিক্ষকৰ প্ৰমান পত্ৰসহ অহা ৯ চেপ্তেম্বৰ তাৰিখৰ ভিতৰত সন্মিলনীৰ কায্যালয় কামৰূপ একাডেমী স্কুল অথবা ৭৪৭৩৯৩০৯২৭, ৯৮৬৪০৬০২৫৭ নম্বৰৰ জৰিয়তে যোগদান কৰিব পাৰিব বুলি উদ্যোক্তাসকলে জনাইছে।

comments

Show More
Close