অসম

গ্ৰীষ্মকালীন অধিবেশনৰ তৃতীয় দিনাও প্ৰতিবাদত উত্তাল দিছপুৰ

মুণ্ডণৰে সংস্কৃত টোলৰ কৰ্মচাৰীৰ বিক্ষোভ : নাপিতক আটক অসম আৰক্ষীৰ

গুৱাহাটীৰ:৬ছেপ্টেম্বৰ:সোণোৱাল চৰকাৰৰ গ্ৰীষ্মকালীন অধিবেশনৰ চতুৰ্থদিনাও দিছপুৰত অব্যাহত আছে বিভিন্ন দল সংগঠনৰ প্ৰতিবাদ।এক বছৰ তিনিমাহে সমস্যাৰ সমাধানত ব্যৰ্থ হোৱা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰ খনৰ বিৰূদ্ধে ক্ষোভিত হৈ পৰিছে বিভিন্ন দল সংগঠন।আজি ৰাজ্যৰ তিনিটাকৈ দল সংগঠন ক্ৰমে অসম চাহ জনজাতীয় ছাত্ৰ সন্থাই ৰবিবাৰে চুটিসহ দৈনিক মজুৰি ৩০০ টকা বৃদ্ধি, চাহ জনগোষ্ঠীক জনজাতিকৰণৰ স্বীকৃতি প্ৰদান আদি দাবীৰে তীব্ৰ প্ৰতিবাদ সাবস্ত্য কৰে।ইয়াৰোপৰি সদৌ অসম শৰণীয়া ছাত্ৰ সন্থাই জনজাতিৰ প্ৰমাণ পত্ৰ প্ৰদান আদি দাবীৰে প্ৰতিবাদ কৰাৰ লগতে অপ্ৰাদেশীকৃত সংস্কৃতি টোল সমূহ শীঘ্ৰে নিময়কৰণৰ দাবিত মুণ্ডণ কৰি সদৌ অসম স্বীকৃতি প্ৰাপ্ত অপ্ৰাদেশীকৃত সংস্কৃতি টোলৰ কৰ্মচাৰী সকলে প্ৰতিবাদ সাবস্ত্য কৰে।
আনহাতে প্ৰতিবাদকাৰী সকলক মুণ্ডণ কৰি থকাৰ অৱস্থাতে নাপিত জনক আৰক্ষীয়ে আটক কৰি দিছপুৰ থানালৈ লৈ যোৱাত ।প্ৰতিবাদস্থলীত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

comments

Show More

Related Articles

Close