চিনেমা

লনাভলা চলচ্চিত্ৰ মহোৎসৱত অসমীয়া চলচ্চিত্ৰ আলিফাৰ জয় যাত্ৰা

জয়া শীললৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান

গুৱাহাটী: ৬ছেপ্টেম্বৰ : বহু চৰ্চিত লনাভলা চিনেমা মহোৎসৱত শ্রেষ্ঠ অভিনেত্ৰীৰ সন্মান বুটলিবলৈ সক্ষম হৈছে জয়া শীলে । গুৱাহাটীৰ আৰ্মান প্ৰডাকচনৰ বেনাৰত নিৰ্মিত চলচ্চিত্ৰ আলিফাৰ বাবে এই সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। চলচ্চিত্ৰখনে ইতিমধ্যেই স্বৰ্ণকমল, ৬৪ তম ৰাষ্ট্রীয় চলচিত্ৰ বঁটা, অ আই আই এফ এ আন্ত:ৰাষ্ট্ৰীয় চলচিত্ৰ বঁটা, প্ৰাগ চিনে এৱাৰ্ড আদি বিভিন্ন সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। দ্বীপ চৌধুৰীৰ ৰচনা আৰু পৰিচালনাত নিৰ্মাণ হোৱা চলচ্চিত্ৰ খনত অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা বাহাৰুল ইছলাম, জয়া শীল ঘোষ, প্ৰশান্ত জৈন, সত্য ৰঞ্জন, ভিক্টৰ বেনাৰ্জীৰ লগতে পবিত্ৰ ৰাভাই। শিশু শিল্পী হিচাপে অভিনয় কৰিছে পাকিজা হাঁচিম আৰু ৰিয়ান আব্দুলে। চিনেমা খনত সংগীত ব্যৱস্থাপনা কৰিছে বিক্ৰম ঘোষৰ লগতে ৰবি ৰঞ্জনে। প্ৰযোজক আৰমান আহমেদ।

comments

Show More
Close