
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়শেহতীয়া
ৰহটাক কাৰাগাৰত মালীৰ ৰূপত দেখা যাব ভণ্ড বাবাক
ডেৰাৰ মূৰব্বী ৰাম ৰহিমে দিনে ভাট্টা পাব ৪০ টকা
ব্যুৰো
গুৱাহাটী, ৫ ছেপ্তেম্বৰ:
ডেৰাৰ ভণ্ড বাবা ৰাম ৰহিম সিঙে ইয়াৰপূৰ্বে হয়তো কেতিয়াও ফুলত পানী দি পোৱা নাছিল।
ফুলৰ গুৰি খোচৰাৰ অভ্যাসো হয়তো কাহানিও আহৰণ কৰা নাছিল ধৰ্ষণকাৰীজনে।
কিন্তু সম্প্ৰতি ৰহটাক কাৰাগাৰৰ কয়দীজনে এতিয়াৰ পৰা নিয়মীয়াকৈ কাৰাগাৰৰ ফুল গছবোৰৰ প্ৰতিপালন কৰিব লাগিব। মালীৰ ৰূপত ৰাম ৰহিমে কাৰাগাৰ কৰ্তৃপক্ষৰ পৰা দৈনিক ভাট্টা পাব মাত্ৰ ৪০ টকা।
২০ বছৰৰ সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত কয়দীজনক কাৰাগাৰৰ উদ্যোগিক কাম আৰু ফুলৰ বাগিচাৰ কামৰ বিকল্প দিয়া হৈছিল।