অসম

ৰবীন্দ্ৰ ভৱনত কেন্দ্ৰীয় শিক্ষক দিৱস উদযাপন

গুৱাহাটী:৫ছেপ্টেম্বৰ: সর্বপল্লী ৰাধাকৃষ্ণণৰ আদর্শৰ গুনগানেৰে আজি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে মহানগৰীৰ ৰবীন্দ্ৰ ভৱনত অসম চৰকাৰৰ শিক্ষা বিভাগৰ উদ্যোগত কেন্দ্ৰীয় ভাবে ৫৬ সংখ্যক শিক্ষক দিৱস উদযাপন কৰা হয়।শিক্ষক সকলৰ এই পবিত্ৰ দিনটোত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা প্ৰাথমিক পৰ্যায়ৰ ১৭ গৰাকীৰ লগতে মাধ্যমিক পৰ্যায়ৰ ১০ গৰাকী কৃতি শিক্ষক বঁটা প্ৰদান কৰা হয়। তদুপৰি ১৭৫ গৰাকী শিক্ষকক বিশেষ সম্বৰ্ধনা জনোৱা হয়।উল্লেখযোগ্য উক্ত অনুষ্ঠানত ৰাজ্যৰ উদ্যোগ আৰু পৰিবহণ মন্ত্ৰী চন্দ্রমোহন পাটোৱাৰী,প্ৰাথমিক আৰু মাধ্যমিক আয়ুক্ত সচিব প্ৰীতম শইকীয়া,কামৰূপ মহানগৰ জিলা উপায়ুক্ত এম অংগমথুন,কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ভবেশ চন্দ্ৰ গোস্বামী আদি উপস্থিত থাকে।

comments

Show More

Related Articles

Close