গুৱাহাটী

শিক্ষক দিৱসৰ দিনাই মহানগৰীত শিক্ষকৰ প্ৰতিবাদ

গুৱাহাটী:৫ছেপ্টেম্বৰ:শিক্ষক দিৱসৰ দৰে এই পবিত্ৰ দিনটোতেই আজি সদৌ অসম ঠিকাভিত্তিক শিক্ষক সন্থাই মহানগৰীৰত উত্তাল প্ৰতিবাদ সাৱস্ত্য কৰে।সম্পূৰ্ণ মেধাৰ ভিত্তিত নিযুক্তি পোৱা ঠিকাভিত্তিক শিক্ষক সকলক পূৰ্বৰ নির্ধাৰিত নিয়ম অনুযায়ী বিনাচৰ্তে চাকৰি নিয়মীয়াকৰণৰ দাবী জনায় প্ৰতিবাদকৰি সকলে।লগতে শিক্ষকৰ সমস্যা সমূহ ৰাজনীতিকৰণ চেষ্টা নকৰিবলৈও শিক্ষা মন্ত্ৰীক আহ্বান জনায় । ইফালে ঠিকাভিত্তিক শিক্ষক সকলৰ সমস্যা শিঘ্ৰে সমাধান নকৰিলে অক্টোবৰ মাহৰ পহিলা সপ্তাহত শ্ৰেণী বৰ্জনৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰী সকলে । উল্লেখযোগ্য যে চৰকাৰ গঠনৰ ৪৫দিনৰ পিছতেই ৰাজ্যৰ শিক্ষক সকলৰ সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিয়া শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দম্ভ ঘোষণা এতিয়া অসাৰত পৰিণত।

comments

Show More

Related Articles

Close