গুৱাহাটী

লাষ্টগেটত আশা কৰ্মীৰ উত্তাল প্ৰতিবাদ

গুৱাহাটী:৫ছেপ্টেম্বৰ:পৰিৱৰ্তনৰ শ্লোগানেৰে শাসনৰ গাদী দখল কৰা সোণোৱাল চৰকাৰ খনৰ কাৰ্য্যকালত বাৰে বাৰে প্ৰৱঞ্চনাৰ বলি হৈ ৰাজ্যৰ আশা কৰ্মী সকলে আজি নিৰ্দিষ্ট হাৰত মহিলী দৰমহা প্ৰদানৰ দাবীত অসম বিধান সভাৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাৱস্ত্য কৰে। দীৰ্ঘ দিন ধৰি নিৰ্দিষ্ট হাৰত দৰমহাৰ পৰা বঞ্চিত হৈ অহা আশা কৰ্মী সকলে পাই থকা ইনচেনটিভৰ হাৰ আজিৰে পৰা ১০ বছৰ আগতে নিৰ্ধাৰণ কৰা হৈছল যদিও বছৰ বছৰ ধৰি ৰাজ্যৰ স্বাস্থ্য বিভাগত একেইজন মন্ত্ৰী উক্ত পদত অধিস্থিত হৈ থকাৰ পিছতো আশা কৰ্মী সকল নায্য প্ৰাপ্তিৰ পৰা বঞ্চিত হৈ আহিছে।আজিৰ ধৰ্ণাৰ জৰিয়তে আশা সকলে ইনচেনটিভৰ পৰিমাণ বৃদ্ধি ,মাহিলী নির্দিষ্ট হাৰত দৰমহা প্ৰদান,বিনামূলীয়া চিকিৎসাৰ সুবিধা প্ৰদান ,চৰকাৰী চিকিৎসালয়ত সুকীয়া জিৰণি কোঠা নিৰ্মাণ, বছৰেকত দুযোৰকৈ পোছাক প্ৰদানৰ দাবী জনায় প্ৰতিবাদ কৰি সকলে । আনহাতে আজিৰ এই ধৰ্ণাত অংশগ্ৰহণ কৰে চি আই টি ইউ ৰ ৰাজ্যিক সম্পাদক তপন শৰ্মাই।

comments

Show More

Related Articles

Close