অসম

হৃদৰোগত আক্রান্ত পলাশবাৰীৰ গগন

দক্ষিণ কামৰূপ :৪ ছেপ্টেম্বৰ : হৃদৰোগত আক্ৰান্ত এটি চৈধ্য বছৰীয়া কিশোৰ । পলাশবাৰীৰ উপৰহালী বিজয়নগৰৰ গগন তালুকদাৰ নামৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ জনৰ আৰ্থিক দুৰৱস্থাৰ বাবে চিকিৎসা কৰিব পৰা নাই দুৰ্ভগীয়া পৰিয়ালটোৱে । সেয়েহে সংবাদ মাধ্যমৰ জৰিয়তে ৰাজ্য চৰকাৰ তথা ৰাইজৰ সহায় সহযোগিতা বিচাৰিছে পৰিয়ালটোৱে ।
     এটি ১৪ বছৰীয়া কিশোৰ । পলাশবাৰী সমষ্টিৰ উপৰহালী হাইস্কুলৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ গগন তালুকদাৰ নামৰ এইজন কিশোৰ বৰ্তমান হৃদৰোগত আক্ৰান্ত । বহুবছৰ পূৰ্বে দেখা দিয়া এই জটিল ৰোগৰ চিকিৎসাৰ বাবে পৰিয়াল টোৱে গগন ৰ চিকিৎসাৰ বাবে জি এম চি, জি এন আৰ চি ত চিকিৎসা কৰিছিল যদিও একো সুফল পোৱা নাই । ডাঃ ৰ ভাষ্য উন্নত চিকিৎসাৰ বাবে বাহিৰলৈ নিব লাগিব গগন ক । কিন্তু সাধাৰণ এখন গেৰেজত স্কুটাৰ মেকানিক হিচাপে কাম কৰা গগনৰ পিতৃৰ বাবে সেয়া সম্ভৱ নহয় । খেলধেমালি কৰি আনন্দ কৰা এই সময়ত নিজৰ সন্তানটিক সুস্থ কৰিবলৈ বহুত কষ্টকৰ জীৱন অতিবাহিত কৰিছে পিতৃ মাতৃয়ে । অকণমান টকা উপাৰ্জন কৰা পিতৃয়ে নিজৰ পৰিয়ালক পোহপাল দিয়াৰ লগতে গগনাৰ ঔষধ ক্ৰয় কৰিবলৈ যথেষ্ট অসুবিধাৰ সন্মুখীন হবলগাত পৰে । পুত্ৰ গগনক সুস্থ কৰিবলৈ আৰ্থিক সহায়ৰ বাবে বহুবাৰ স্থানীয় বিজেপি বিধায়ক প্ৰণৱ কলিতাৰ ওচৰলৈ গৈছিল যদিও একো সুফল নোপোৱাত সন্তানটিৰ এনে জটিল ৰোগকলৈ হতাশাত ভুগিছে পৰিয়ালটোৱে । সেয়েহে সংবাদ মাধ্যমৰ কাষ চাপি ৰাজ্য চৰকাৰক সহায় সহযোগিতা কামনা কৰাৰ লগতে ৰাইজৰ ও সহায় সহযোগিতা কামনা কৰিছে দুৰ্ভগীয়া পৰিয়ালটোৱে ।
যোগাযোগ নম্বৰ 8486828747

comments

Show More

Related Articles

Close