অসমউত্তৰ পূৰ্বাঞ্চলগুৱাহাটীশেহতীয়া

প্ৰতীক্ষাত চিকিৎসাধীন শিশুক দিল্লীলৈ

গংগাৰাম হাস্পতালত ভৰ্ত্তি, অসম চৰকাৰে বহন কৰিব চিকিৎসা ব‍্যয়

গুৱাহাটী, ৫ ছেপ্তেম্বৰ: বিশ্বনাথ চাৰিআলিৰ এটি দেৱশিশু । বিগত  কেইসপ্তাহমান ধৰি অসুস্থ হৈ শিশুটি ভৰ্তি হৈ আছিল মহানগৰীৰ প্ৰতীক্ষা হাস্পতালত। কিন্তু শিশুটিৰ অৱস্থাৰ উন্নতি নঘটাত, উন্নত চিকিৎসাৰ বাবে দেওবাৰে শিশুটিক এয়াৰ এম্বুলেঞ্চেৰে নিয়া হয় দিল্লীলৈ। শিশুটিক প্ৰতীক্ষাৰ পৰা বিমান বন্দৰলৈ নিয়াৰ বাবে গুৱাহাটীত প্ৰথমবাৰৰ বাবে সৃষ্টি কৰা হয় ‘গ্ৰীণ কৰিডৰ’ৰ।

সম্প্ৰতি শিশুটিক নতুন দিল্লীৰ গংগাৰাম হাস্পতালৰ আই চি ইউত ৰখা হৈছে। শিশুটিৰ অৱস্থা অপৰিৱৰ্ত্তিত থকা বুলি জানিব পৰা গৈছে। উল্লেখ‍্য, প্ৰতীক্ষাত শিশুটিৰ অৱস্থাৰ অৱনতি ঘটাত তেওঁক ভেন্টিলেছনত ৰখা হৈছিল ।

অসম চৰকাৰে কণমানিটিৰ চিকিৎসাৰ ব‍্যয় বহন কৰাৰ কথা ঘোষণা কৰিছে।

comments

টেগ
Show More

Related Articles

Close