ৰাজনীতি

ছিলিণ্ডাৰ লৈ মূল্য বৃদ্ধিৰ প্ৰতিবাদ কৰা নেত্ৰী সকল কলৈ গল: ৰিপুন বৰা

গুৱাহাটী: ২ছেপ্টেম্বৰ :আমাৰ দিনত ছিলিণ্ডাৰৰ মূল্য ৩৮০ টকালৈ বৃদ্ধি হওঁতে বিজেপিৰ স্মৃতি ইৰাণী, সুষমা স্বৰাজ আদিৰ দৰে নেত্ৰী সকলে ছিলিণ্ডাৰ লৈ ৰাজপথত প্ৰতিবাদ কৰিছিল।আমাৰ দিনত এক টকা দুই টকা বৃদ্ধি কৰা হৈছিল।এতিয়াটো একেবাৰে ৭৪ টকালৈ বৃদ্ধি কৰিছে। এতিয়া কলৈ গল এইসকল নেত্ৰী? এই মন্তব্য প্ৰদেশ কোগ্ৰেছৰ সভাপতি তথা সাংসদ ৰিপুন বৰাৰ।মহানগৰীত অনুষ্ঠিত এক সংবাদ মেলত তেওঁ কয় যে বিজেপি চৰকাৰ খনে সৰ্বসাধাৰণৰ বাবে চিন্তা নকৰে।চিন্তা কৰে কেৱল পুঁজিপতি সকলৰ কথা।কেনেকৈ পুঁজিপতি সকলক সন্তুষ্ট কৰিব পাৰি কেৱল সেইটোহে জানে।তাৰোপৰি পেট্ৰলৰ মূল্য প্ৰতি দিনে ৫ পইচা ১০ পইচাকৈ বৃদ্ধি কৰি যোৱা কেইটা মাহৰ পৰা মুঠ ৬ টকা বৃদ্ধি কৰিছে। ইফালে মূল্যবৃদ্ধি নিন্ত্ৰণৰ শ্লোগানৰে দেশৰ শাসনলৈ অহা বিজেপি চৰকাৰ খনে বাৰে বাৰে সাধাৰণ জনতাক মাধমাৰ সোধাই আহিছে। উদণ্ড কণ্ঠৰে মূল্য বৃদ্ধি ৰোধ কৰাৰ শ্লোগান দিয়া মোদী চৰকাৰ এতিয়া সম্পূৰ্ণ ব্যৰ্থ । চলিত বৰ্ষত ক্ৰমে জুলাই মাহৰ ১ তাৰিখে ৬৩ টকা ,জুলাই মাহৰ ৭ তাৰিখে৬৪ টকা,জুলাই মাহৰ ১৫ তাৰিখে ৬৫ টকা,জুলাই মাহৰ ২২ তাৰিখে ৬৬.৫০ টকা, জুলাই মাহৰ ২৮ তাৰিখে ৬৬.৫০টকা,আগষ্ট মাহৰ ৪ তাৰিখে ৬৯ টকা,আগষ্ট মাহৰ ১৫ তাৰিখে ৭০ টকা ,আগষ্ট মাহৰ ২৩ তাৰিখে ৭১ টকাৰ লগতে ছেপ্টেম্বৰ মাহৰ ১ তাৰিখে ৭১.১৭ টকা,ছেপ্টেম্বৰ ২ তাৰিখে ৭১.৩৩ টকালৈ পেট্ৰলৰ মূল্য বৃদ্ধি কৰে ।

comments

Show More

Related Articles

Close