ৰাজনীতি

মোডীক পদত্যাগৰ দাবী সাংসদ ৰিপুন বৰাৰ

ৰাজ্য চৰকাৰৰ ব্যৰ্থতাৰ তথ্য উদঙালে প্ৰদেশ কংগ্ৰেছে

গুৱাহাটীৰ:২ছেপ্টেম্বৰ:দেশৰ অৰ্থনৈতিক উন্নয়নত ব্যৰ্থ হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্র মোডীক শীঘ্ৰে পদত্যাগৰ দাবী জনায় ৰাজ্য সভাৰ সাংসদ তথা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই। মহানগৰীৰ ৰাজীৱ ভৱনত এক সংবাদ মেলৰ আয়োজন কৰি বৰাই কয় তিনি বছৰ পূৰ্বে মোদী নেতৃত্বাধীন বিজেপি চৰকাৰক ৰাষ্ট্ৰৰ উন্নয়ন কৰিবলৈ দায়িত্ব অৰ্পণ কৰিছিল দেশবাসীয়ে।প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাৰো লগত কোনো ধৰণৰ আলোচনা নকৰি বিমুদ্ৰাকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। যাৰ ফলত এতিয়া দেশৰ অৰ্থনৈতিক নিম্নগামী হোৱাত ব্যাপক হাৰত প্ৰভাৱ পৰিছে। প্ৰধান মন্ত্ৰী নৰেন্দ্র মোদীক দেশৰ অৰ্থনৈতিক ধ্বংসকাৰী আখ্যা দি বৰাই পুনৰাই কয় যে মোদীয়ে দেশৰ সৰ্বোচ্চ বেংক ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ স্বাধীনতাত কালিমা সানিলে। মোদীৰ এই কাৰ্যক দেশ বাসীয়ে কেতিয়াও ক্ষমা নকৰে।
তেওঁ কয় যে বিমুদ্ৰাকৰণৰ সময়ত পুৰণি ৫০০ আৰু ১০০০ টকীয়া নোটৰ সৰ্বমুঠ চাৰ্কুলেশ্বন আছিল ১৫.৪৪লাখ কোটি। বিমুদ্ৰাকৰণৰ জৰিয়তে ঘূৰি আহিছে মুঠ ১৫.২৮ লাখ কোটি টকা। উদণ্ড কণ্ঠৰে বিমুদ্ৰাকৰণৰ ফলত কলা ধনৰ গৰাকীক টোপনি নাইকীয়া কৰাৰ কথা ঘোষণা কৰা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক চোকা ভাষাৰে কটাক্ষ কৰি কয় যে , মোদীয়ে এই পদ্ধতিৰ জৰিয়তে কলা ধনৰ গৰাকীক সহায়হে কৰিলে।মোদীয়ে ৯৯ শতাংশ টকা ঘূৰাই আনি ১ শতাংশ ঘূৰাই আনিবলৈ ব্যৰ্থ হয়। এই ১ শতাংশৰ মূল্য হল ১৬০০০ কোটি। ইয়াৰোপৰি নতুন নোট প্ৰস্তুত কৰি মুঠ ৫০০০ কোটি টকা লোকচান হোৱাৰ কথাও উল্লেখ কৰে ৰিপুন বৰাই।
ইফালে ৰাজ্যৰ উন্নয়নত ব্যৰ্থ হোৱা সোণোৱাল চৰকাৰকো চোকা ভাষাৰে সমালোচনা কৰাৰ লগতে উন্নয়ত ব্যৰ্থ হোৱাৰ কাৰণ সমূহ দাঙি ধৰি বৰাই কয় যে সৰ্বভাৰতীয় স্তৰত কোম্পানী এটা নিৰ্মাণ কৰিবলৈ মুঠ ১১৮ দিনৰ প্ৰয়োজন যদিও অসমত লাগে ২৪৮ দিন, বিজুলী ক্ষেত্ৰত সৰ্বভাৰতীয় স্তৰত প্ৰতি মাহে মুঠ ৪৬ ঘণ্টা কৰ্তন কৰিব লাগে যদিও অসমত ১৫৬ ঘণ্টা বিদ্যুৎ কৰ্তন কৰা হয়। কোম্পানীৰ নির্মাণ কাৰ্য্যৰ অনুমতি ৰ বাবে মুঠ ১১৭ দিনৰ প্ৰয়োজন যদিও অসমত লাগে ২৭০দিন। তুলনামূলক ভাবে বিহাৰ আৰু মধ্যপ্ৰদেশত প্ৰয়োজন ৪৩ আৰু ৪১ দিন। নিৰ্মান শ্ৰমিকৰ অনুমতিৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰয়োজন ৭৪ দিন কিন্তু অসমত লাগে ১০৩ দিন । ইয়াৰ পৰিবৰ্তে গোৱাত লাগে মাত্ৰ ২০ দিন। এনেধৰণৰ প্ৰশাসনিক কাম কাজৰ জৰিয়তে সোনোৱাল চৰকাৰে ৰাজ্যখনৰ কি বিকাশ কৰিব বুলি তীব্র কটাক্ষ কৰে সাংসদগৰাকীয়ে ।

comments

Show More

Related Articles

Close