অসমউত্তৰ পূৰ্বাঞ্চলগুৱাহাটীশেহতীয়া

ৰাজ্য জুৰি ঈদ উজ জোহা পালন

গুৱাহাটী, ২ ছেপ্টেম্বৰঃ শান্তি-সম্প্ৰীতিৰ মহান বাণীৰে সমগ্ৰ দেশৰ লগতে অসমটো আজি পবিত্র ঈদ-উজ-জোহা পালন কৰা হয়। ঐতিহ্যমণ্ডিত তথা পৰম্পৰাগত ৰীতি নীতিৰে ৰাজ্য জুৰি ইছলাম ধৰ্মাৱলম্বী লোকসকলে উদযাপন কৰে ঈদ উজ জোহা। সম্প্ৰীতিৰ এনাজৰী অটুট ৰখাৰ আহ্বান জনাই দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো থকা ঈদগাহ পথাৰত পুৱা ইছলাম ধমাৱলম্বী লোকসকলে ঈদৰ নামাজ পঢ়ে। ঈদ উপলক্ষে ইজনে সিজনক শুভেচ্ছা জনায়৷

comments

Show More

Related Articles

Close