গুৱাহাটী

কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ ‘Blue Whale Challenge’ সম্পৰ্কত সমিতি গঠন

গুৱাহাটী, ১ চেপ্তেম্বৰঃ আজি কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয় সভা কক্ষত ‘Blue Whale Challenge’ সম্পৰ্কত এখন সজাগতা মুলক আলোচনা কৰা হয়। এই আলোচনাত কামৰূপ মহানগৰ জিলাৰ উন্নয়ন আয়ুক্ত বৰ্ণালী শৰ্মা সহিতে মহানগৰ আৰক্ষী আয়ুক্ত, অতিৰিক্ত উপায়ুক্ত (শিক্ষা), যুটীয়া সঞ্চালক স্বাস্থ্য বিভাগ, স্কুল সমূহৰ পৰিদৰ্শক, জিলা প্ৰাথমিক শিক্ষা বিষয়া, জিলা সমাজ কল্যাণ বিষয়া, জিলা শিশু সুৰক্ষা বিষয়া, জিলা তথ্য আৰু জনসংযোগ বিষয়া, এনজিঅ ক্ৰমে স্কৰ্পিয়ন, আশাদ্বীপ আৰু ডেষ্টিনেচন ক ‘Blue Whale Challenge’ সম্পৰ্কত জনসাধাৰণক সজাগ কৰিবলৈ জিলা উপায়ুক্তৰ তৰফৰ পৰা এখন সমিতি গঠন কৰি দিয়া হয়। এই সমিতিখনে ‘Blue Whale Challenge’ ভিডিঅ গেমৰ পৰা কিশোৰ সকলক কিদৰে ৰক্ষা কৰা হব এই সম্পৰ্কত সজাগতা মুলক সভা অনুষ্ঠিত কৰি কিশোৰ সকলক এই খেল খেলাৰ পৰা বিৰত থকাৰ বাবে আহ্বান জনায়।

comments

Show More

Related Articles

Close