অসমগুৱাহাটীব্যৱসায়ৰাজনীতি

মূল্য বৃদ্ধিৰে জনগণক মাধমাৰ মোদী চৰকাৰৰ

ঘৰুৱা ছিলিণ্ডাৰত ৭৪ টকা,বাণিজ্যিক ছিলিণ্ডাৰত ১১৪ টকাকৈ বৃদ্ধি: বিগত দুটা মাহত পেট্ৰলৰ মূল্য ৭১.১৭ লৈ বৃদ্ধি

গুৱাহাটী:৫ ছেপ্টেম্বৰ: পৰিবৰ্তনৰ শ্লোগানেৰে ৰাজ্যৰ শাসন ভাৰ দখল কৰা বিজেপি চৰকাৰ খনে বাৰে বাৰে সাধাৰণ জনতাক মাধমাৰ সোধাই আহিছে। উদণ্ড কণ্ঠৰে মূল্যবৃদ্ধি ৰোধ কৰাৰ শ্লোগান দিয়া মোদী চৰকাৰ এতিয়া সম্পূৰ্ণ ব্যৰ্থ । চৰকাৰখনে শেহতীয়াকৈ ৰন্ধন গেছৰ প্ৰতিটো ঘৰুৱা ছিলিণ্ডাৰত ৭৪ টকাকৈ বৃদ্ধি কৰাৰ লগতে বাণিজ্যিক ছিলিণ্ডাৰৰ মূল্য ১১৪ টকাকৈ বৃদ্ধি কৰে। তদুপৰি ১০পইচা ৫ পইচা কৈ পেট্ৰলৰ মূল্য বৃদ্ধি কৰি চলিত বৰ্ষত ক্ৰমে জুলাই মাহৰ ১ তাৰিখে ৬৩ টকা ,জুলাই মাহৰ ৭ তাৰিখে৬৪ টকা,জুলাই মাহৰ ১৫ তাৰিখে ৬৫ টকা,জুলাই মাহৰ ২২ তাৰিখে ৬৬.৫০ টকা, জুলাই মাহৰ ২৮ তাৰিখে ৬৬.৫০টকা,আগষ্ট মাহৰ ৪ তাৰিখে ৬৯ টকা,আগষ্ট মাহৰ ১৫ তাৰিখে ৭০ টকা, আগষ্ট মাহৰ ২৩ তাৰিখে ৭১ টকাৰ লগতে ছেপ্টেম্বৰ মাহৰ ১ তাৰিখলৈ পেট্ৰলৰ ৭১.১৭ টকালৈ বৃদ্ধি কৰে মূল্য। লগতে আজিৰ তাৰিখত ডিজেলৰ মূল্য হল ৫৯.৫৩ টকা। উল্লেখযোগ্য যে বিজেপি চৰকাৰ খনৰ মূল্য বৃদ্ধিৰ এই চক্ৰান্তক সহস্ৰ জনগণে তীব্ৰ ভাষাৰে গৰিহণা দিছে।

comments

Show More

Related Articles

Close