ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

শীঘ্ৰে মোদী মন্ত্ৰী সভাৰ সম্প্ৰাসৰণ

সুৰেশ প্ৰভুৰ সলনি নীতিন গাডকাৰীক ৰেল মন্ত্রীৰ দায়িত্ব দিব পাৰে প্ৰধান মন্ত্ৰী মোদীয়ে: মিত্ৰ দল জে ডি ইউ কে লৈ তিনিখন আসন

দিল্লী:১ছেপ্টেম্বৰ:তিনি বছৰ সম্পূৰ্ণ কৰা মোদী চৰকাৰৰ মন্ত্ৰী সভাত এইবেলি বৃহৎ আকাৰত সালসলনি হব বুলি আকাংক্ষা কৰা হৈছে। জানিব পৰা মতে ইতিমধ্যে এই সক্ৰান্তত কেন্দ্ৰীয় কমিটিয়ে বিশেষ তৎপৰতা অৱলম্বন কৰিছে। জনতাৰ বিপুল সমৰ্থনৰে দেশ শাসনৰ গাদী দখল কৰা মোদী মন্ত্ৰী সভাৰ পৰা বিগত দিন পূৰ্বে ৰাজীৱ প্ৰতাপ , উমা ভাৰতী গিৰিৰাজ সিং ,ৰাধা মোহন,সঞ্জীৱ বালিয়ান সহ ফগ্গন সিংৰ দৰে কেন্দ্ৰীয় মন্ত্ৰীয়ে পদত্যাগে কৰিছিল।ইয়াৰোপৰি ৰেল মন্ত্ৰী সুৰেশ প্ৰভুৱেও কিছু দিন পূৰ্বে পদত্যাগ কৰিব বিচাৰিছিল ।তিনি বছৰ সম্পূৰ্ণ কৰা মোদী চৰকাৰৰ এয়া এক বৃহৎ আঘাত।ইফালে এক বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে এইবেলি মোদী মন্ত্ৰী সভাত কেইবাজনো নতুন মুখ অন্তৰ্ভূক্ত হব। ইয়াৰে ভিতৰত থাকিব পাৰে বিজেপিৰ মিত্ৰ দল জে ডি ইউ কেৰ ৰামচন্দ্ৰ প্ৰসাদ সিং,সন্তোষ কুসুওছাঁহকে।ইফালে মোদী মন্ত্ৰী সভাৰ জনপ্ৰিয় নেতা নীতিন গডকাৰীক ৰেল মন্ত্ৰীৰ পদত নিয়োগ কৰি সুৰেশ প্ৰভুক পৰ্যবেক্ষণ মন্ত্ৰীৰ দায়িত্ব দিব পাৰে।লগতে মন্ত্ৰী সভাত বাহাল থকা কেইবাগৰাকীৰ মন্ত্ৰীৰ পি এম অ ৰিপোৰ্ট মতে পদ সমূহ কৰ্তন কৰা হব ।

comments

Show More

Related Articles

Close