অসম

সোনোৱাল কেবিনেটৰ গুৰুত্ত্বপূৰ্ণ সিদ্ধান্ত

গুৱাহাটী: ৩১ আগষ্ট : আজি অনুষ্ঠিত হোৱা সোনোৱাল কেবিনেটত কেতবোৰ গুৰুত্ত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে।সেই সমূহ হল
১.প্ৰণাম আচনীত কেবিনেটৰ অনুমোদন।
২.মাজুলীত স্থাপন কৰা হব সাংস্কৃতিক বিশ্ববিদ্যালয়।
৩. মাধৱদেৱ বিশ্ববিদ্যালয়,ভট্টদেৱ বিশ্ববিদ্যালয় ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ো স্থাপন হব অসমত।আজি এই বিল খন সোণোৱাল কেবিনেটত অনুমোদন জনোৱা হয়।
৪.ৰাজ্যিক জনসংখ্যা নীতিকো অনুমোদন জনালে সোণোৱাল কেবিনেটে
৫.মহানগৰীৰ বেলতলাত নিৰ্মাণ হব আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰ। সৰ্বমুঠ ৩২বিঘা মাটি আবন্তিত।
৬.ৰাজ্যৰ সকলো তোল অন্তৰ্ভূক্ত হব কুমাৰ ভাস্কৰ বৰ্মা বিশ্ববিদ্যালয়ৰ অধীনত। পৰীক্ষা সমূহো অনুষ্ঠিত হব ভাস্কৰ বৰ্মা বিশ্ববিদ্যালয়ৰ অধীনত।
৭.নিৰ্মাণ কৰ্মচাৰীৰ পুঁজি এহেজাৰৰ পৰা দুহেজাৰলৈ বৃদ্ধি।
৮.পৌৰ সভাত তিনিটাকৈ নতুন পদবীৰ সৃষ্টি।এতিয়াৰে পৰা পৌৰ সভাত থাকিব এজন চি ই অ, থাকিব বিত্তীয় অফিচাৰ লগতে থাকিব এজন অভিযন্তা।
৯.অসম পেট্ৰ লিমিটেডৰ বাবে কেবিনেটিৰ ১৩৩৭ কোটি টকাৰ অনুমোদন।লিমিটেডৰ অন্তৰভুক্ত বন্ধ হৈ থকা মিল সমূহ পুনৰজীবিত্ত কৰাৰ চেষ্টা।

১০.মৃত কৰ্মচাৰী সকলক ১ এপ্ৰিলৰ ২০১৭ৰ পৰা পূৰ্ণপৰ্যায়ৰ দৰমহা।
১১.ৰাজ্যিক জনসংখ্যা নীতিতো সোনোৱাল কেবিনেটৰ অনুমোদন।
১২.১৫ ছেপ্টেম্বৰৰ পৰা বিভিন্ন মন্ত্ৰী ,চৰকাৰী বিষয়াই ভ্ৰমণ কৰিব বানত ক্ষতি গ্ৰস্থ অঞ্চল।

comments

Show More

Related Articles

Close