অসম

জনতা ভৱনৰ বিত্ত বিভাগত অগ্নিকাণ্ড।

জাহ গল বহু গুৰুত্বপূৰ্ণ নথি সহ কম্পিউটাৰ

গুৱাহাটী:আজি দিনৰ প্রায়১২.১৫ মান বজাত জনতা ভৱনত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়।দিছ্পুৰ জনতা ভৱনৰ এফ ব্লকৰ বিত্ত বিভাগত সংঘটিত হৈছে এই অগ্নিকাণ্ড।জানিব পৰা মতে বৈদ্যুতটিক চাৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হৈছে।এই ঘটনাত বিত্ত বিভিগৰ বহু গুৰুত্ব পূৰ্ণ নথি পত্ৰৰ লগতে কম্পিউটাৰ জাহ যায়।জনতা ভৱনত সংঘটিত হোৱা আশ্চৰ্য জনক এই ঘটনা সম্প্ৰতিও ৰহস্যৰ আৱৰ্তত।

এই ঘটনা সঘটিত হোৱাৰ পিছত আমি জনতা ভৱনৰ কৰ্মচাৰীৰ সৈতে মত বিনিময়ত প্ৰকাশ পাই যে জনতা ভৱনৰ বিভিন্ন বিভাগত সদায় বৈদ্যুতটিক চাৰ্কিত হয়।এওঁলোকে কয় যে কেতিয়াবা ইয়াতকৈ বেছি ডাঙৰ ঘটনা হব।ৰাজ্যৰ মূল বিভাগ টু হল বিত্ত বভাগ এই বিভাগ টুই যদি সুৰক্ষিত নহয় ।তেনে হলে ৰাজ্য খন কেনেদৰে সুৰক্ষিত হব।লগতে এওঁলোকে জনাই যে উচ্চ পদস্ত বিষয়া সকলে সদায় নিম্ন পৰ্যায়ৰ কৰ্মচাৰী সকলক দুখ জাপি দ্বায়িত্ব সামৰি থয়।

comments

Show More

Related Articles

Close