অসম

মাৰাত্মক ৰোগত আক্রান্ত ৫বছৰীয়া দীক্ষিতা

সহস্ৰ জনক সহায়ৰ আহ্বান পৰিয়াল বৰ্গৰ।

গুৱাহাটী:৩১আগষ্ট:এগৰাকী ৫ বছৰীয়া কণমানি ।মৰম লগা জনীৰ নাম দীক্ষিতা দাস।ঘৰ বৰপেটা ।তাই ব্লাড কেন্সাৰৰ দৰে এটি মাৰাত্মক ৰোগত আক্ৰান্ত। কান্দি কান্দি চটফটাই আছে দীক্ষিতা ।বিগত ২৪ দিন ধৰি চিকিৎসালৈ খনৰ শিশু বিভাগৰ ৮৪ নম্বৰ বিচনাত এনেকৈ আছে। দিন হাজিৰা কৰি পৰিয়ালটু পুহ পাল দিয়া দেউতাক জয়ন্ত দাসৰ ৰাইজলৈ কৰুণ মিনতি মোৰ মইনা জনীক সহায় কৰক।যদেও চৰকাৰী সাহায্য আছে সেইয়া পৰ্যাপ্ত নহয়।কাৰণ কেৱল চিকিৎসাৰ ধনেৰে এগৰাকী ৰোগীক শুশ্ৰূষা কৰি তুলিব নোৱাৰি। মৰম লগা জনীৰ মাক দেউতাকৰ বিনম্ৰ অনুৰোধ ৰাইজলৈ।এই গুৱাহাটী তৰফৰ পৰাও আহ্বান জনালো অনুগ্ৰহ কৰি কণমানি জনীক সহায় কৰক।সহায় কৰিব বিচৰা ব্যক্তি সকলক 9957421629(জয়ন্ত দাস ,দীক্ষিতা ৰ দেউতা) নম্বৰত যোগাযোগ কৰিবলৈ বিনম্ৰ অনুৰোধ জনালোঁ।

comments

Show More

Related Articles

Close