অসম

জাগীৰোড শুকান মাছ বজাৰত কৰ ফাঁকিৰ ফন্দি

জাগীৰোড:৩০আগষ্ট:শুকান মাছৰ ওপৰত ৫%জি এছ টি প্ৰৱৰ্তৰ পিছতে এছিয়াৰ সৰ্ববৃহৎ জাগীৰোড স্থিত শুকান মাছৰ বজাৰত হুয়া দুৱা লাগিছে।উল্লেখ্য যে পূৰ্বেও শুকান মাছৰ ওপৰত কৰ হিচাপে ৬% ভেট প্ৰযোজ্য আছিল ।কিন্তু তাৰ পিছতো কৰৰ পৰিমাণ ৬%ৰ পৰা ৫% শতাংশলৈ হ্ৰাস পাইছে যদেও একাংশ দুৰ্নীতিগ্ৰস্ত ব্যৱসায়ীৰ মাজত এই হুয়া দুৱাৰ সৃষ্টি হৈছে।কাৰণ বছৰ বছৰ জাগীৰোড শুকান মাছ বজাৰৰ একাংশ ব্যৱসায়ীযে চৰকাৰক বৃহৎ পৰিমাণৰ কৰ ফাঁকি দি সম্পত্তিৰ পাহাৰ গঢ়ি আহিছিল।যাৰ ফলত জি এছ টি প্ৰৱৰ্তন পিছতে দুৰ্নীতিগ্ৰস্ত ব্যৱসায়ী সকলে কৰ ফাঁকি দিব নোৱাৰাত জাঙুৰ খাই উঠিছে।দেখা যায় যে ৬%শতাংশৰ পৰা ৫%শতাংশলৈ কৰ হ্ৰাস পোৱাৰ পিছতো জি এছ টি যে শুকান মাছৰ ব্যৱসায়ী সকলক মাধমাৰ দিয়া বুলি প্ৰচাৰ চলাই আহিছে।ইয়াৰো পৰি জি এছ টি প্ৰবৰ্তনৰে পিছত দুৰ্নীতি গ্ৰস্থ একাংশ ব্যৱসায়ীয়ে নতুন কৌশলেৰে চৰকাৰক বৃহৎ পৰিমাণৰ কৰ ফাঁকি দিয়াৰ ঘটনা পোহৰলৈ আহিছে।জানিব পৰা মতে বজাৰ খনৰ এজন প্ৰভাৱশালী ব্যৱসায়ীয়ে কোনো নথি পত্ৰ অবিহনে মহাৰাষ্ট্ৰৰ পৰা শুকান মাছৰ আমদানি কৰি আহিছে।কেৱল এজন নহয় কেইবাজনো ব্যৱসায়ী এতিয়াও এনে কু কৰ্মত জড়িত হৈ আছে।বিগত দিন পূৰ্বে এজন ব্যৱসায়ীৰ গুদামত আৰক্ষীয়ে অভিযান চলাই অবৈধ শুকান মাছ জব্দ কৰিছিল যদিও সম্প্ৰতিও প্ৰশাসনৰ চকুত ধূলি দি অব্যাহত ৰাখিছে কৰ ফাঁকি দিয়া ব্যৱসায়।

comments

Show More

Related Articles

Close