অসম

এন আৰ চিত ২৪৮ কোটিৰ বিত্তীয় কেলেংকাৰী

জাতিৰ নামত যদি কোনোবাই টকা খাই তেনেহলে তেওঁ মৰাৰ আগত বমি কৰি যাব লাগিব: অভিজিৎ শৰ্মা

গুৱাহাটী:২৯আগষ্ট:কেন্দ্ৰীয় চৰকাৰৰ আই এছ বিষয়াকে ধৰি প্ৰায় সংখ্যক অফিচাৰৰ কামেই হল পইচা মাৰা।তাৰোপৰি জাতিৰ নামত যদি কোনোবাই অসমীয়াইও টকা খাইছে তেনেহলে তেওঁ মৰাৰ আগতে বমি কৰি যাব লাগিব।এই মন্তব্য এ পি ডব্লিউ ৰ সভাপতি অভিজিৎ শৰ্মাৰ।মহানগৰীত অনুষ্ঠিত এক সংবাদ মেলত প্ৰতীক হাজেলা আৰু উইপৰো(WIPRO) নামৰ বহিৰাগত প্ৰতিষ্ঠানটুয়ে ২৪৮ কোটি টকাৰ ধন আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি এই মন্তব্য প্ৰদান কৰে অভিজিৎ শৰ্মাই।তেওঁ কয় যে অসমবাসীৰ বাবে দুৰ্ভাগ্য এয়ে যে আমি এনে এজন মানুহক এন আৰ চিৰ হৰ্তা কৰ্তা বিধাতা হিচাপে পালোঁ যি অসমৰ জাতি গঠন প্ৰক্ৰিয়াত ৰাজহাড় ভূমিকা গ্ৰহণ কৰিব পৰা তথা খিলঞ্জীয়াৰ মানুহৰ প্ৰভুত্ব ৰক্ষা কৰিব পৰা এন আৰ চি খনক কেন্দ্ৰৰ পৰা ব্যাপক ধন কাৰচাজিৰে হজম কৰিব পৰা এখন কেন্দ্ৰিয় আঁচনি বুলি ধৰি ললে। তেওঁ কয় যে এখন কেন্দ্ৰীয় আঁচনিত কৰাৰ দৰে নিজৰ শীতল মস্তিষ্ক ব্যবহাৰ কৰি কিছুমান এনে নিয়ম নীতি বনাই ললে যাৰ মাজেদি এন আৰ চি তৈয়াৰৰ সমস্ত ব্যবস্থাটো নিজৰ খুচি মতে উইপৰো নামৰ প্ৰতিষ্ঠাটোক গতাই দিয়ে । পৰৱৰ্তী সময়ত এই উইপৰো কোম্পানীটোই নিজৰ দালালি খিনি ৰাখি এই এছ এছ নামৰ আন এক প্ৰতিষ্ঠানক অসমৰ জাতি গঠন প্ৰক্ৰিয়াত লগাই দিয়ে ।পুনৰাই শৰ্মাই কয় প্ৰতীক হাজেলাই নিজৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ শীতল মস্তিষ্ক প্ৰয়োগ কৰি এই দুই সংস্থাৰে আজিৰ তাৰিখলৈ ২৪৮ কোটি টকা লুণ্ঠন কৰিলে খিলঞ্জীয়াৰ প্ৰভুত্ব ৰক্ষা কৰিব পৰা এন আৰ চি খনৰ যোগেদি।পুনৰাই শৰ্মাই কয় ইচ্ছা কৰা হলে হাজেলাই এই কাম খিনি অসম চৰকাৰৰ এমট্ৰণ বা এন আই চিৰ যোগেদেও কৰিব পাৰিলে হেতেন কিন্তু সেয়া নকৰি কেৱল ব্যক্তিগত মুনাফা অৰ্জনৰ বাবে প্ৰতীক হাজেলাই বহিৰাগত প্ৰতিষ্ঠানত দায়িত্ব অৰ্পণ কৰে। তেওঁ কয় যে এই সন্দৰ্ভদ আমি ইতিমধ্যেই চি বি আই টি যোৱা ২০১৭ চনৰ আগষ্ট মাহৰ ২৫ তাৰিখে এক গোচৰ তৰিছোঁ।ইফালে চলিত বৰ্ষৰ মে মাহৰ ৫তাৰিখে কেন্দ্ৰীয় গৃহ বিভাগে এন আৰ চিৰ কাৰ্য্যালয়ক খৰছৰ হিচাপ দিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল যদিও আজিকোপতি উক্ত তথ্য প্ৰদান কৰিবলৈ হাজেলাই সমৰ্থ নহল।যি কথাই এতিয়া এন আৰ চিত ভয়ংকৰ লুণ্ঠন ৰাজৰ ছবি প্ৰতিপন্ন কৰিছে।

comments

Show More

Related Articles

Close