স্বাস্থ্য

বানপানীৰ পিছত লব লগীয়া সাৱধানতা

নেমকেয়াৰ হস্পিতালৰ সঞ্চালক প্ৰধান ডঃ হিতেশ বৰুৱাৰ দিহা

গুৱাহাটী:২৯ আগষ্ট:সাধাৰণতে বানপানীৰ পিছত বিভিন্ন ধৰণৰ অচিন ৰোগে দেখা দিয়ে।বানপানীৰ সময়ত দেখা দিয়া জণ্ডিচ ,টাইফদ,ভাইৰেল ফিভাৰ আদি বেমাৰৰ পৰা কেনেকৈ হাত সাৰিব পাৰি এই বিষয়ে আমি এই গুৱাহাটীৰ তৰফৰ পৰা নেমকেয়াৰ চুপাৰ স্পীচিয়েলিটি হস্পিতালৰ সঞ্চালক প্ৰধান ডঃ হিতেশ বৰুৱাৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰ গ্ৰহণ কৰা হয়। ডঃ বৰুৱাই কয় যে বানপানীৰ সময়ত সদায় বিশুদ্ধ পানী খাব লাগে।বানপানীৰ সময়ত বা বানপানীৰ পিছত আমি বিশুদ্ধ খোৱা পানীৰ অভাৱ বাৰুকৈ অনুভৱ কৰোঁ।এই বাবেই আমি পানী গৰম কৰি খোৱাটো খুবেই প্ৰয়োজন।নাইবা গৰম পানী ঠাণ্ডা কৰি খাব লাগে।তাৰো পৰি বানপানী হৈ যোৱাৰ পিছত বতাহ,পানীত বহু মাৰাত্মক বেক্টেৰিয়া বিয়পি আহে। আমি এনে ধৰণৰ বীজাণুৰ পৰা নিজকে হাত সাৰিবলৈ সদায় পৰিষ্কাৰ হৈ থকাৰ লগতে যিকোনো বস্তু খাওঁতে হাত ধুই খাব লাগে।ইয়াৰো পৰি মুকলি ঠাইত থকা বস্তু খাব নালাগে। তাৰোপৰি ঘৰত খাদ্য সামগ্ৰী বোৰ ধাকি থব লাগে । যদি এইবোৰ দিহা মানি চলে তেনেহলে নিশ্চয়কৈ এনে ধৰণৰ বেমাৰৰ পৰা পৰিত্ৰাণ পাব।

comments

Show More
Close