ৰাজনীতিৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়শেহতীয়াসাম্প্ৰতিক

বাবা ৰাম ৰহীম সিঙক ২০ বছৰৰ কাৰাদণ্ড আদালতৰ

বিহিছে ৩০ লাখ টকাৰ জৰিমণাও

নিউজ ডেস্ক

File Photo

ডেৰাৰ আশ্ৰমৰ মহিলা ভক্তক ধৰ্ষণ কৰাৰ অভিযোগত অভিযুক্ত ৫০-বছৰীয়া বাবা গুৰমীট ৰাম ৰহীম সিঙক দুটা গোচৰৰ ভিত্তিত ১০ বছৰকৈ মুঠ ২০ বছৰৰ কাৰাদণ্ড বিহিছে ;চিবিআইৰ আদালতে।২০০২ বৰ্ষৰ উক্ত প্ৰতিটো গোচৰত তেওঁক আদালতে ১৫ লাখকৈ মুঠ ৩০ লাখ টকাৰ জৰিমণাও বিহিছে। উক্ত জৰিমণা ধৰ্ষণৰ বলী হোৱা দুগৰাকী মহিলা ভক্তক ক্ষতিপূৰণ হিচাপে আদায় দিয়া হব।

হনীপ্ৰীটৰ সৈতে ৰাম ৰহীম, ফাইল ফটো

ইপিনে, গুৰমীট ৰাম ৰহীম সিঙে তেওঁৰ তোলনীয়া জীয়ৰী হনীপ্ৰীটকো তেওঁৰ সৈতে কাৰাগাৰত থকাৰ অনুমতি বিচাৰি চিবিআইৰ আদালতত আবেদন জনাইছিল। তদুপৰি, হনীপ্ৰীটেও গুৰমীট ৰাম ৰহীম সিঙৰ সৈতে কাৰাগাৰতে থকাৰ আবেদন জনাইছিল। অৱশ্যে আদালতে উক্ত আবেদন অগাহ্য কৰে। স্মৰ্তব্য, তোলনীয়া জীয়ৰী হনীপ্ৰীটৰ সৈতেও এইগৰাকী বাবাৰ শাৰীৰিক সম্পৰ্ক থকা বুলি অভিযোগ আছে।

comments

টেগ
Show More

Related Articles

Close